ETV Bharat / state

ৰাজ্যত ক'ৰণা আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

author img

By

Published : Apr 17, 2021, 3:27 PM IST

ৰাজ্যত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ লোকজনৰ নাম বাদল নাগ (৮০) বুলি জানিব পৰা হৈছে ৷ বাদল নাগৰ ঘৰ চাপৰৰ ৫ নং ৱাৰ্ডৰ নাগ পট্টিত ৷

ৰাজ্যত ক'ৰণা আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু
ৰাজ্যত ক'ৰণা আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

পূৱ বিলাসীপাৰা, ১৭ এপ্ৰিল: ৰাজ্যত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ লোকজনৰ নাম বাদল নাগ (৮০) বুলি জানিব পৰা হৈছে ৷ বাদল নাগৰ ঘৰ চাপৰৰ ৫ নং ৱাৰ্ডৰ নাগ পট্টিত ৷

জানিব পৰা মতে যোৱা ১৫ এপ্ৰিল তাৰিখে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদ ৰোগৰ চিকিৎসা কৰিবলৈ গৈছিল মৃত বাদল নাগ ৷ সেই সময়তে ক'ভিড টেষ্টত বাদল নাগৰ দেহত ক'ৰণাৰ উপস্থিতি ধৰা পৰে ৷

তাৎক্ষণিকভাৱে লোক জনক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক ৯ দিনৰ বাবে হোম কোৱাৰেন্টানৰ নিৰ্দেশ দিয়ে হোম কোৱাৰেন্টনত থকা অৱস্থাতে৷ শনিবাৰে পুৱা বাদল নাগৰ মৃত্যু হয় বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: দিল্লীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কেজৰিৱালৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.