পশ্চিম বিলাসীপাৰা, 30 মে’: কৰ’ণা মহামাৰীৰ বাবে চৰকাৰে জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা ৷ যাৰবাবে বিপাঙত পৰিছে খাটিখোৱা লোকসকল ৷ কাল কৰ’ণাৰ বাবে বিলাসীপাৰাৰ বগৰীবাৰী বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ ৷ এই বিপদৰ সময়ত ক্ষুদ্ৰ ব্যৱসায়ী পৰিয়াল বোৰৰ মাজত সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিছে বিবেকাল্যম নামৰ এক স্বেচ্ছাসেৱী সংস্থাই ৷
পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়াৰ সহযোগত ধুবুৰীৰ বিবেকাল্যম নামৰ স্বেচ্ছাসেৱী সংস্থাটোই শনিবাৰে বগৰীবাৰীৰ 100 টা ক্ষুদ্ৰ ব্যৱসায়ী পৰিয়াললৈ যোগান ধৰিছে বিভিন্ন খাদ্য সামগ্ৰী ৷ চাউল, দালি, আলু, মিঠাতেল, বিস্কুট আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে এই স্বেচ্ছাসেৱী সংস্থাটোৱে ৷
আৰ্তজনৰ কাষত থিয় হৈছে বিবেকাল্যম নামৰ এই স্বেচ্ছাসেৱী সংস্থাটো ৷ এই স্বেচ্ছাসেৱী সংস্থাটোৰ কাৰ্যক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ৷
লগতে পঢ়ক: বৰবৰুৱাৰ ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাজু ৯৩ খন বিচনাযুক্ত ক'ভিড চেণ্টাৰ