ETV Bharat / state

চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু নৱজাতকৰ

author img

By

Published : Jan 6, 2021, 9:38 PM IST

বুধবাৰে পুৱতি নিশা এগৰাকী গৰ্ভৱতী মহিলাক ভৰ্তি কৰোৱা হৈছিল দক্ষিণ শালমাৰাৰ টুমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ৷ কিন্তু স্বাস্থ্য কেন্দ্ৰটোত নাছিল এজনো চিকিৎসক অথবা স্বাস্থ্যকৰ্মী ৷ ৰাতিপুৱা এগৰাকী নাৰ্চ উপস্থিত হৈ চিকিৎসক সাহিবা পাৰভিনক সবিশেষ জনায় নাৰ্চগৰাকীয়ে ৷ কিন্তু চিকিৎসকগৰাকীয়ে মহিলা গৰাকীৰ প্ৰতি গুৰুত্ব নিদি বহু পলমকৈ স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হোৱাৰ বাবে চিকিৎসাৰ অভাৱত নৱজাতকৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷

Newborn baby dies due to doctor's negligent
চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু নৱজাতকৰ

ধুবুৰী,6 জানুৱাৰী: দক্ষিণ শালমাৰাৰ টুমনীৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰত চিকিৎসকৰ চৰম গাফিলতি ৷ ধুবুৰী স্বাস্থ্য বিভাগৰ চৰম হেমাহিৰ বাবে প্ৰাণ গ'ল এটি নৱজাতকৰ ৷ পৃথিৱীৰ পোহৰ দেখাৰ আগতেই পৃথিৱীৰ পৰা বিদায় মাগিলে নৱজাতকটিয়ে ৷ ঘটনা অনুসৰি বুধবাৰে পুৱতি নিশা প্ৰসৱ বেদনাত চটফটাই থকা এগৰাকী গৰ্ভৱতী মহিলাক টুমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু স্বাস্থ্য কেন্দ্ৰটোত নাছিল এজনো চিকিৎসক অথবা স্বাস্থ্য কৰ্মী ৷ ৰাতিপুৱা ৮ বজাত এগৰাকী নাৰ্চ উপস্থিত হোৱাত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে চিকিৎসকৰ সৈতে যোগাযোগ কৰিবলৈ কোৱাত নাৰ্চগৰাকীয়ে ফোনযোগে চিকিৎসক সাহিবা পাৰভিনক সবিশেষ জনায় ৷ কিন্তু চিকিৎসক গৰাকীয়ে মহিলা গৰাকীৰ প্ৰতি গুৰুত্ব নিদি বহু পলমকৈ স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হোৱা বুলি অভিযোগ উত্থাপন কৰে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে ৷ যাৰ ফলত চিকিৎসাৰ অভাৱত মৃত্যু হয় নৱজাতকটিৰ ৷

চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু নৱজাতকৰ

উল্লেখ্য যে, চিকিৎসক সাহিবা পাৰভিনৰ বিৰুদ্ধে পূৰ্বৰ পৰাই আছে হেমাহিৰ অভিযোগ ৷ চিকিৎসকগৰাকীয়ে বিভিন্ন সময়ত স্থানীয় সংবাদ দাতাৰ লগতে বিভিন্ন জনক ভাবুকিও দি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাকিবুল ইছলামে ৷ এতিয়া প্ৰশ্ন হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত মইমতালিৰে চলিছে নেকি স্বাস্থ্যসেৱা ? এনে দায়িত্বহীন চিকিৎসক আৰু কৰ্মী সকলৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ? যদি ভগৱানৰ পিছতেই স্থান দিয়া চিকিৎসক সকলকে নিজৰ কৰ্তব্যৰ কথা পাহৰি যায় তেতিয়া হ'লে ৰাইজক কি সেৱা আগবঢ়াব চিকিৎসকসকলে ?

লগতে পঢ়ক: লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত সংকটজনক অৱস্থাত গৰ্ভৱতী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.