পূৱ বিলাসীপাৰা,২১ জানুৱাৰী: মঙলবাৰে ধুবুৰী জিলাৰ চাপৰৰ ৰঙামাটি হাইস্কুলত অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি আৰু আপদকালীন অৱস্থাত কেনেদৰে মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব পাৰি এই বিষয়ত জ্ঞান প্ৰদানৰ উদ্দেশ্যে এখন সজাগতা সভাৰ লগতে 'মক ড্ৰিল' অনুষ্ঠান সম্পন্ন হয়। শিক্ষা বৰ্ষৰ এই প্ৰাকমূহুৰ্তত আপদকালীন সময়ত কিদৰে আত্মৰক্ষা কৰিব লাগে এই বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয় ছাত্র-ছাত্ৰীসকলক ৷ অগ্নিনিৰ্বাপক আৰু আপদকালীন সেৱা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অগ্নি নিৰ্বাপণৰ ক্ষেত্ৰত কি কৰা উচিত এই বিষয়ে জ্ঞান লাভ কৰে ছাত্র-ছাত্ৰীসকলে ৷
একেদৰে বিলাসীপাৰা অগ্নি নিৰ্বাপক বাহনী আৰু আপাতকালীন বিভাগৰ নেতৃত্বত দিনজোৰা কাৰ্যসূচীৰে হেলাগাড়ী ভোলানাথ হাইস্কুলটো এখন সজাগতা সভা অনুষ্ঠিত হয়। তৎকালীনভাৱে কিদৰে জুই,ভূমিকম্প,বানপানীৰ সময়ত নিজৰ লগতে আনকো ৰক্ষা কৰিব পাৰি এই বিষয়ত জ্ঞান আহৰণ কৰে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলেও।
সমান্তৰালকৈ,কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৫৪২নং কাঠপাৰা মোক্তাব বিদ্যালয়ত মঙলবাৰে আমবাগান অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰৰ উদ্যোগত এখন সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সভাত উপস্থিত থাকে আমবাগান অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰৰ বিষয়া উমেশ চন্দ্ৰ নাথকে ধৰি ভালে কেইজন বিশিষ্ট ব্যক্তি। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আপদকালীন সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে এই সভাত আলোচনা কৰা হয় ৷
লগতে পঢ়কঃ কাইলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়ৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী
আনহাতে,গোলাঘাট জিলা অগ্নিনিৰ্বাপক শাখাই গোলাঘাটৰ নতুন আমলাপট্টিস্থিত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীক ম'ক ড্ৰিলৰ জৰিয়তে আপদকালীন অৱস্থাত কিদৰে সাৱধানতা অৱলম্বন কৰিব লাগে এই বিষয়ে জ্ঞান দিয়ে। উল্লেখযোগ্য যে ১৯৯৯ চনত চেন্নাইৰ কুট্টীৰ নামৰ ঠাইত এখন বিদ্যালয়ত ৰান্ধনী শালৰ পৰা জুই নিৰ্গত হৈ ৯৯ জন ছাত্ৰ-ছাত্ৰীয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। উক্ত ঘটনাৰ পাছতেই ভাৰত চৰকাৰে ২০১১ চনৰ পৰা ২১ জানুৱাৰীৰ দিনতো "National Fire Safety Day" হিচাপে পালন কৰি আহিছে। ২০১১ চনৰ পৰা প্ৰতি বছৰে আজি দিনটোতে প্ৰতিখন জিলাত স্কুল বাচনি কৰি ছাত্ৰ-ছাত্ৰী সকলক এক সজাগতা প্ৰদান কৰা হয়।