ETV Bharat / state

RAJYA SABHA ELECTION 2022: কংগ্ৰেছী বিধায়কক ইনভেষ্টমেন কৰি ৰাখিছে মুখ্যমন্ত্ৰীয়ে - Congress AIUDF alliance over Rajya Sabha Election

ৰাজ্যসভাৰ দুখন আসন দখলক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত সষ্টি হৈছে ব্যাপক তৎপৰতা ৷ ৰাজ্যসভালৈ প্রার্থী প্রক্ষেপক লৈ ঐক্যমতত উপনীত হােৱা নাই বিৰােধী দল কংগ্ৰেছ-এ আই ইউ ডি এফ (Congress AIUDF alliance over Rajya Sabha Election) । কংগ্ৰেছৰ ওপৰত চাপ অব্যাহত ৰাখি এ আই ইউ ডি এফে বিচাৰিছে তেওঁলােকৰ পচন্দৰ প্রার্থীক বিৰােধী প্রার্থী হিচাপে প্রক্ষেপ কৰিবলৈ ।

MP-Ajmal-comments-on-Rajya-Sabha-elections
ৰাজ্যসভা নিৰ্বাচন লৈ সাংসদ আজমলৰ মন্তব্য প্ৰকাশ
author img

By

Published : Feb 6, 2022, 12:09 PM IST

ধুবুৰী, 6 ফেব্ৰুৱাৰী : ৰাজ্যসভা নিৰ্বাচনলৈ এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা(Rajya Sabha election 2022)। প্ৰাৰ্থী প্ৰক্ষেপকলৈ বিৰোধী দলৰ মাজত মতানৈক্য সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে ৷ এনে সময়তে ৰাজ্যসভা নিৰ্বাচন লৈ মন্তব্য প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ প্ৰধান তথা ধুবুৰী সাংসদ বদৰুদ্দিন আজমলে(MP Ajmal comments on Rajya Sabha election) ৷ তেওঁ কয় যে "আমি সদায় কংগ্ৰেছক সমৰ্থন কৰি আহিছো, কিন্তু এইবাৰ আমাক লাগে ৷ আমি ১৫ টা নিদিলে কংগ্ৰেছে ২৫ টা দি একো কৰিব নোৱাৰে । কংগ্ৰেছৰ বিধায়কক ইনভেষ্টমেন কৰি ৰাখিছে মুখ্যমন্ত্ৰীয়ে ।"

ৰাজ্যসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে শাসক দলৰ সমান্তৰালকৈ বিৰোধী দলসমূহেও নিৰ্বাচনী অংক আৰম্ভ কৰিছে । ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এ আই ইউ ডি এফৰ সহায় লৈ ৰাজ্যসভালৈ এজন কংগ্ৰেছী প্ৰাৰ্থী জয়ী কৰোৱাৰ অংক মিলোৱাৰ সময়তে এ আই ইউ ডি এফে এইবেলি নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰি ওলোটাই বিচাৰিছে কংগ্ৰেছৰ সহযোগ তথা সমৰ্থন । তেনে সময়তে এই আই ইউ ডি এফৰ নিৰ্বাচনী তৎপৰতা প্ৰসংগত কংগ্ৰেছৰ একাংশ নেতাই বিভিন্ন সময়ত এ আই ইউ ডি এফক লৈ সমালোচনা কৰি আহিছে ।

ৰাজ্যসভা নিৰ্বাচন লৈ সাংসদ আজমলৰ মন্তব্য প্ৰকাশ

শনিবাৰে ধুবুৰীৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ সাংসদ আজমলে কংগ্ৰেছ নেতা কমলাক্ষ দে পুৰকায়স্থৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "কংগ্ৰেছৰ বিধায়কক ইনভেষ্টমেন কৰি ৰাখিছে মুখ্যমন্ত্ৰীয়ে । এ আই ইউ ডি এফত মুখ্যমন্ত্ৰীয়ে কোনো ইনভেষ্টমেন কৰা নাই ।" ইয়াৰ লগতে ৰাজ্যসভাত এইবাৰ এখন আসন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সাংসদ বদৰুদ্দিন আজমলে ৷

লগতে পঢ়ক : ৰাজ্যসভাৰ দুয়োখন আসনতে জয়ৰ দাবী মুখ্যমন্ত্ৰীৰ : প্ৰাৰ্থীকলৈ মতানৈক্য Congress-AIUDFৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.