বিলাসীপাৰা, 9 ছেপ্তেম্বৰ: বিলাসীপাৰাৰ দুগৰাকীকৈ COVID আক্ৰান্ত ৰোগীৰ মৃত্যু ৷ আক্ৰান্ত দুয়োগৰাকী লোক মাতৃ-পুত্ৰ বুলি জানিব পৰা গৈছে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল দুই মাতৃ-পুত্ৰ ৷ বিলাসীপাৰা চহৰৰ 5 নং ৱাৰ্ডৰ বাসিন্দা দুই মাতৃ-পুত্ৰক এসপ্তাহ পূৰ্বে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ৷ মৃত্যু হোৱা লোক দুগৰাকীৰ নাম বিভা ৰাণী সাহা (৬৯) আৰু বিষ্ণু পদ সাহা (৪৯) বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই সমগ্ৰ বিলাসীপাৰাত সৃষ্টি কৰিছে আতংকৰ ৷
লগতে পঢ়ক: যোৰহাটৰ COVID কেয়াৰ কেন্দ্ৰ আকস্মিক পৰিদৰ্শন পীযুষ হাজৰিকাৰ