ETV Bharat / state

মৰেল পুলিচ কাণ্ড : যুৱতীক বৈদ্যুতিক খুঁটাত বান্ধি অত্যাচাৰ - ধুবুৰী

বৃহস্পতিবাৰে ধুবুৰীৰ গৌৰীপুৰৰ মধুশৌলমাৰী তৃতীয় খণ্ড গাঁৱত ঘটিল মৰেল পুলিচৰ আন এক ঘটনা । যুৱতীক বৈদ্যুতিক খুঁটাত বান্ধি শাৰীৰিক আৰু মানসিক অত্যাচাৰ প্ৰেমিকৰ পৰিয়ালৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী যুৱতীৰ ৷

moral policing
মৰেল পুলিচ কাণ্ড
author img

By

Published : Feb 11, 2021, 6:58 PM IST

ধুবুৰী,11 ফেব্ৰুৱাৰী : ধুবুৰীৰ গৌৰীপুৰৰ মধুশৌলমাৰী তৃতীয় খণ্ড গাঁৱত বৃহস্পতিবাৰে সংঘটিত হৈছে এক মৰেল পুলিচৰ ঘটনা । এগৰাকী যুৱতীক বিদ্যুতৰ খুঁটাত বান্ধি একাংশই চলালে শাৰীৰিক আৰু মানসিক অত্যাচাৰ । লগতে যুৱতীগৰাকীৰ প্ৰেমিকৰ পৰিয়ালে মাৰপিট কৰি যুৱতী গৰাকীক ভয়-ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷

মৰেল পুলিচ কাণ্ড

নিৰ্যাতিত যুৱতী গৰাকীৰ ভাষ্য অনুসৰি, মধুশৌলমাৰী তৃতীয় খণ্ড গাঁৱৰ আলিমূল নামৰ প্ৰেমিকজনে যুৱতী গৰাকীক মাতি তেওঁৰ ঘৰলৈ লৈ গৈছিল । ইয়াৰ পাচতে প্ৰেমিকৰ অনুপস্থিতিত পৰিয়ালৰ একাংশই বৈদ্যুতিক খুঁটাত বান্ধি যুৱতী গৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলায় ৷

উক্ত ঘটনাৰ পাচতেই যুৱতী গৰাকীক উদ্ধাৰ কৰে স্থানীয় একাংশই । ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যুৱতী গৰাকীয়ে ।

এজাহাৰখনত উল্লেখ কৰা অনুসৰি, বিগত তিনি বছৰৰ পৰা আলিমূল আৰু যুৱতী গৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । ইয়াৰ মাজতে প্ৰেমিকে বিয়াৰ প্ৰলোভনেৰে যুৱতী গৰাকীৰ সৈতে চলাইছিল শাৰীৰিক সম্পৰ্ক । যাৰ ফলস্বৰূপে যুৱতী গৰাকীয়ে আন্তঃসত্তা হয় । ইফালে প্ৰেমিকৰ পৰিয়ালে বলপূৰ্বকভাৱে যুৱতী গৰাকীক গৰ্ভপাত কৰিবলৈ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতী গৰাকীয়ে ৷

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । সকলোৱে বিচাৰিছে দোষীয়ে পাওক উপযুক্ত শাস্তি ৷ লগতে এই মৰেল পুলিচৰ ঘটনাক লৈ আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও হৈ পৰিছে লক্ষণীয় ।

লগতে পঢ়ক : হায়দৰাবাদ আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.