ETV Bharat / state

বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে সৰৱ তিনিটাকৈ জনগোষ্ঠীয় সংগঠন

author img

By

Published : Aug 10, 2020, 9:03 PM IST

হোজাইৰ বিজেপিৰ বিধায়কৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ তিনিটাকৈ জনগোষ্ঠীয় সংগঠনে ৷ ৰাজহুৱাকৈ বিধায়ক গৰাকীকক ক্ষমা খুজিবলৈ দাবী জনাইছে সংগঠনকেইটাই ৷

MLA SILADITYA DEV REACTION ON SAIYED ABDUL MALIK
বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে সৰৱ তিনিটাকৈ জনগোষ্ঠীয় সংগঠন

বিলাসীপাৰা, 10 আগষ্ট : সঘনাই বিতৰ্কিত মন্তব্য প্ৰদান কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা হোজাইৰ শাসকীয় দলৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে তিনিটাকৈ জনগোষ্ঠীয় সংগঠন ৷ বিধায়ক গৰাকীক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনাইছে সংগঠন কেইটাই ৷

অভিযোগ অনুসৰি, অসমীয়া ভাষা-সংস্কৃতিৰ সাধক তথা অসম সাহিত্য সভাৰ অন্যতম কাণ্ডাৰী চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল হোজাইৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে ৷ যাৰবাবে বিধায়ক শিলাদিত্য দেৱৰ বিতৰ্কিত মন্তব্যত জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন সচেতন মহলৰ লগতে বিভিন্ন দল সংগঠনে ৷

সোমবাৰে বিলাসীপাৰাত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে কেন্দ্ৰীয় নাথ যোগী সন্মিলনী, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু কলিতা জনগোষ্ঠীয় সন্মিলনীয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলত বিধায়ক গৰাকীয়ে চৈয়দ আব্দুল মালিকক "বৌদ্ধিক জেহাদী" বুলি কোৱা কথাষাৰৰ বিৰুদ্ধে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনাইছে ৷

আনহাতে, গৰিয়া-গৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বাহনোৱাজ হুছেইনে বিধায়ক গৰাকীক গ্ৰেপ্তাৰৰ দাবী তুলিছে ৷ লগতে, কলিতা জনগোষ্ঠীয় সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি অকন কলিতাই বিধায়ক শিলাদিত্যই এগৰাকী খিলঞ্জীয়া সাহিত্যিকৰ বিৰুদ্ধে কৰা এনে অশোভনীয় মন্তব্যক গৰিহনাৰ যোগ্য বুলি কয় ৷

উল্লেখ্য যে, বিলাসীপাৰাৰ নাথ যোগী সন্মিলনীৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সংগঠন তিনিটাই বিধায়ক গৰাকীৰ বিৰুদ্ধে এই মন্তব্য প্ৰদান কৰিছে ৷

লগতে পঢ়ক : তিনিচুকীয়াৰ সাংবাদিক হত্যাকাৰী কোন এই মহিলা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.