ETV Bharat / state

ধুবুৰীত নাবালক শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু

ধুবুৰীৰ বিশাল মাৰ্কেটত ভয়ংকৰ অঘটন। বিল্ডিং কনষ্ট্ৰাকচনৰ কামত নিয়োজিত নাবলক শ্ৰমিক দুৰ্ঘটনাত মৃত্যু। শিশু শ্ৰমিক আইন উলংঘা কৰি অট্টালিকা কনষ্ট্ৰাকচনৰ কামত নাবালকক ব্যৱহাৰ কৰিছে মালিক আৰু ঠিকাদাৰ কৰ্তৃপক্ষই।

minor boy death during working at  dhuburi
ধুবুৰীত নাবালক শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু
author img

By

Published : Sep 27, 2020, 5:26 PM IST

ধুবুৰী,27 ছেপ্তেম্বৰঃ অপ্ৰাপ্তবয়স্ক শ্ৰমিকক যি কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰি। সেয়া সকলোৱে জানে। কিন্তু তেনে সময়তো একাংশই শ্ৰমিক আইন ভংগ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰিছে শিশু নাবলক-নাবালিকাক । বিভিন্ন সময়ত এনে অপৰাধৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদমুখৰ হৈ অহা দেখা গৈছে যদিওঁ অব্যাহত আছে শিশু শ্ৰমিকৰ ব্যৱহাৰ । তেনে সময়তে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিল ধুবুৰীত । ধুবুৰী চহৰত নতুনকৈ স্থাপন কৰা বিশাল মাৰ্কেটৰ তলৰ মহলাত চলিছে নিৰ্মাণ কাৰ্য । নির্মাণকাৰ্যত ব্যৱহাৰ কৰা হৈছে শিশু শ্ৰমিক ।

ধুবুৰীত নাবালক শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু
ঘটনা অনুসৰি ধুবুৰীৰ চলাকুৰা গাঁওৰ বাসিন্দা মন্নাফ আলীৰ পোন্ধৰ বছৰীয়া নাবলক পুত্ৰ জেল হকক নির্মাণ কাৰ্যত ব্যৱহাৰ কৰিছিল অট্টালিকাৰ মালিক পক্ষ আৰু ঠিকাদাৰে । দেওবাৰে কাম কৰি থকা সময়তে হঠাৎ ওপৰৰ পৰা লোৰে নিৰ্মিত তেলৰ টেংকী এটা গাঁতত পৰে । সেই সময়তে গাঁতত কাম কৰি থকা নাবালক শ্ৰমিক জেল হকে মূৰ আঘাত পাই । ফলত থিততেই নিহত হয় জেল হকৰ । সম্প্ৰতি নাবালক শ্ৰমিকক কামত ব্যৱহাৰ কৰা মালিক পক্ষ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
minor boy death during working at  dhuburi
ধুবুৰীত নাবালক শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু
ইপিনে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে । আনহাতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও সমগ্ৰ ঘটনা ৰহস্যৰ আৰ্ৱত্তত সোমাই পৰিছে বুলি অভিযোগ উত্থাপন হৈছে । আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া কিদৰে চলে বা অট্টালিকাৰ মালিক পক্ষ আৰু ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ।

লগতে পঢ়কঃ SI কাণ্ডৰ CID ৰ অনুসন্ধানত অসন্তুষ্ট প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.