ETV Bharat / state

নৱ শৰণীয়াৰ নতুন ৰাজনৈতিক চমক "গণ সুৰক্ষা পাৰ্টি"!

নৱ কুমাৰ শৰণীয়াই দল গঠন কৰিলে ৰাজনৈতিক প্ৰভাৱ নপৰা নহয় বুলি মন্তব্য কৰাৰ লগতে ৰাইজে ভোট দি নৱ কুমাৰ শৰণীয়াক নিৰ্বাচিত কৰিছে আৰু আমাৰ সজাগতা নথকাৰ বাবেই আমি পৰাজিত হৈছো বুলি মন্তব্য কৰে প্ৰমিলাৰাণী ব্ৰহ্মই

নৱ শৰণীয়াৰ ৰাজনৈতিক নতুন চমক "গণ সুৰক্ষা পাৰ্টি"!
author img

By

Published : Sep 23, 2019, 5:19 PM IST

ধুবুৰী, 23 চেপ্তেম্বৰঃ ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ ৰাজনৈতিক নতুন চমক । বিধান সভা নিৰ্বাচনলৈ প্ৰায় ডেৰ বছৰ বাকী থকা সময়তে সাংসদ নৱ কুমাৰ শৰণীয়াই "গণ সুৰক্ষা পাৰ্টি" নামৰ নতুন ৰাজনৈতিক দল গঠন কৰি বি টি এ ডিত এক নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টি কৰিব বিচাৰিছে । এই মন্তব্য বিপিএফ নেত্ৰী তথা সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ ৷ সোমবাৰে ধুবুৰীৰ আগমণিত পোষণ মাহ পালনৰ এক কাৰ্য্যসূচীত ভাগ লৈ ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈ এনেদৰে কয় মন্ত্ৰী গৰাকীয়ে । লগতে বিটিএডি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ ক্ষতি হ'ব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে বুলি মন্তব্য কৰে প্ৰমিলাৰাণী ব্ৰহ্মই ৷

তাৰোপৰি নৱ কুমাৰ শৰণীয়াই দল গঠন কৰিলে ৰাজনৈতিক প্ৰভাৱ নপৰা নহয় বুলি কোৱাৰ উপৰিও ৰাইজে ভোট দি নৱ কুমাৰ শৰণীয়াক নিৰ্বাচিত কৰিছে আৰু আমাৰ সজাগতা নথকাৰ বাবেই আমি পৰাজিত হৈছো বুলি মন্তব্য কৰে প্ৰমিলাৰাণী ব্ৰহ্মই ।

বিগত লোকসভা নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছিল বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰাৰ বিপৰীতে নিজ দলৰ ভিতৰতে বিসম্বাদ তথা অপপ্ৰচাৰ চলোৱা হৈছিল বাবেই পৰাজিত হৈছিল বুলি উল্লেখ কৰে । এতিয়া ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বি পি এফে কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।

Intro:বিধান সভা নিৰ্বাচনলৈ প্ৰায় ডেৰ বছৰ বাকী। তেনে সময়তে সাংসদ নৱ কুমাৰ শৰণীয়াই গঠন কৰিলে নতুন ৰাজনৈতিক দল। ফলত ক্ষতি হব বি পি এফ দলৰ। এয়া আমাৰ কথা নহয়। বি পি এফ নেত্ৰী তথা মন্ত্ৰী প্ৰমিলাৰণী ব্ৰহ্মই কলে এই কথা।

Body: হয়, ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ ৰাজনৈতিক নতুন চমক। বিধান সভা নিৰ্বাচনৰ পূৰ্বে দেওবাৰে সাংসদ নৱ কুমাৰ শৰণীয়াই "গণ সুৰক্ষা পাৰ্টি" নামৰ নতুন ৰাজনৈতিক দল গঠন কৰি বি টি এ ডিত এক নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টি কৰিব বিচাৰিছে। এনে সময়তে বি টি এ ডিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ ক্ষতি হব পাৰে বুলি বিভিন্ন ৰাজনৈতিক মহলত চৰ্চা চলিছে। ইপিনে আজি স্বয়ং বি পি এফৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী তথা অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়ঃ ৰাজনৈতিক প্ৰভাৱ নপৰা নহয়। কাৰণ ৰাইজে ভোট দি নৱ কুমাৰ শৰণীয়াক নিৰ্বাচিত কৰিছে আৰু আমাৰ সজাগতা নথকাৰ বাবেই আমি পৰাজিত হৈছোঁ।

ইপিনে বিগত লোক সভা নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছিল বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰাৰ বিপৰীতে নিজ দলৰ ভিতৰতে বিসম্বাদ তথা অপপ্ৰচাৰ চলোৱা হৈছিল বাবেই পৰাজিত হৈছিল বুলি উল্লেখ কৰে। এতিয়া ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বি পি এফে কাৰ্য্যসূচী লব বুলি মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, আজি ধুবুৰীৰ আগমণিত পোষণ মাহ পালনৰ এক কাৰ্য্যসূচীত ভাগ লবলৈ ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈছিল মন্ত্ৰী গৰাকীয়ে। পিছত আৱৰ্ত ভৱনৰ পৰা আগমণিৰ পোষণ মাহ পালনৰ এক কাৰ্য্যসূচী লৈ যাত্ৰা কৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই।

Conclusion:লক্ষণীয় বিষয় যে, মন্ত্ৰী প্ৰমিলাৰণী ব্ৰহ্মই উল্লেখ কৰাৰ দৰে সচাঁকৈয়েই ৰাজনৈতিক ভাবে ক্ষতিগ্ৰস্থ হব নেকি বি পি এফ দলৰ। সেয়া সময়তহে লক্ষণীয় হব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.