ETV Bharat / state

শ্বহীদ জোৱান হৰধন চন্দ্ৰ ৰায়ৰ পৰিয়াললৈ দুই লাখ টকা প্ৰদান মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ

author img

By

Published : Nov 15, 2020, 4:29 PM IST

দেওবাৰে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ বাসগৃহত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে শ্বহীদ পৰিয়ালটোলৈ নিজাববীয়াকৈ দুই লাখ টকা আগবঢ়ায় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ শ্বহীদ জোৱান গৰাকীৰ পৰিয়ালটোৰ মাজত উপস্থিত হৈ আবেগিক হৈ পৰে মন্ত্ৰী ব্ৰহ্ম ৷

minister pramila rani brahma
মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

পূৱ বিলাসীপাৰা,15 নৱেম্বৰ : বীৰ জোৱান শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ বিলাসীপাৰাৰ মেধিপাৰাস্থিত বাসভৱনত দেওবাৰে উপস্থিত হয় ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ শ্বহীদ জোৱান গৰাকীৰ পৰিয়ালটোৰ মাজত উপস্থিত হৈ আবেগিক হৈ পৰে মন্ত্ৰী ব্ৰহ্ম ৷

মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ পাচতে মন্ত্ৰী গৰাকীয়ে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ পৰিয়ালক নিজাববীয়াকৈ নগদ দুই লাখ টকা আগবঢ়ায় ৷ আনহাতে মুখ্যমন্ত্ৰীয়ে যদি নিৰ্দেশ দিয়ে, তেতিয়া হ’লে শ্বহীদ পৰিয়ালটোৰ এগৰাকী সদস্যক সমাজ কল্যাণ বিভাগত খালি হৈ থকা কোনো পদত নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ সদৰি কৰে ৷

ইফালে শ্বহীদ বীৰ জোৱান গৰাকীৰ নশ্বৰদেহ কেতিয়া নিজ বাসগৃহত আহি উপস্থিত হ’ব তাৰ কোনো তথ্য মন্ত্ৰী গৰাকীৰ হাতত নথকাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়ক : নাগ্ৰীজুলিত পথ দুৰ্ঘটনা:শিশুসহ আহত এটি পৰিয়ালৰ পাঁচ গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.