ETV Bharat / state

বুঢ়ালুইতৰ বুকুত সৰ্বস্ব হেৰুৱাই পেলোৱা গাঁওবাসীৰ কথাৰে..

পূৰ্বতে ধুবুৰীত লুইতৰ পাৰৰ এটা চৰত আছিল এখন ভৰপূৰ গাঁও ৷ বহু আঢ্যবন্ত পৰিয়ালৰ বসতি আছিল গাঁওখনত ৷ কিন্তু বাৰিষাৰ ভৰ লুইতত বিলীন হ'ল পূৰ্বৰ সেই আঢ্যবন্ত পৰিয়ালৰ বসতি থকা গাঁওখন ৷ যাৰ বাবে এসময়ৰ আঢ্যৱন্ত পৰিয়ালে এতিয়া বাস কৰিছে আনৰ মাটিত ৷

massive damage by Brahmaputra river erosion in dhubri
শান্ত সমাহিত বুঢ়া লুইত যেতিয়া অশান্ত হয়...
author img

By

Published : Jul 9, 2020, 8:13 PM IST

ধুবুৰী, 9 জুলাইঃ শান্ত সমাহিত বুঢ়া লুইত ৷ খৰালি নৈপৰীয়া লোকৰ মনত সপোনৰ বীজ সিঁচে এইখন বুঢ়া লুইতে ৷ কিন্তু বাৰিষা সেই নৈপৰীয়াৰ সকলো সপোন উটুৱাই লৈ যায় একেখন লুইতেই ৷ পূৰ্বতে ধুবুৰীৰ লুইতৰ পাৰৰ ভাষানিৰ চৰত আছিল এখন ভৰপূৰ গাঁও ৷ বহু আঢ্যবন্ত পৰিয়ালৰ বসতি আছিল সেই গাঁৱত ৷ কিন্তু বাৰিষাৰ ভৰ লুইতত বিলীন হ'ল পূৰ্বৰ সেই আঢ্যবন্ত পৰিয়ালৰ বসতি থকা গাঁওখন ৷ যাৰ বাবে এসময়ৰ আঢ্যৱন্ত পৰিয়ালে এতিয়া বাস কৰিছে আনৰ মাটিত ৷

পূৰ্বতে এই স্থানত আছিল এখন ভৰপূৰ গাঁও
পূৰ্বতে এই স্থানত আছিল এখন ভৰপূৰ গাঁও

বান-খহনীয়াই সৰ্বস্বান্ত কৰিছে ধুবুৰীৰ এইখন চৰৰ শহস্ৰাধিক পৰিয়ালক ৷ এবাৰ দুবাৰ নহয় প্ৰতি বছৰেই মহাবাহুৰ বুকুত বিলীন হৈছে কেইবাটাও পৰিয়ালৰ সপোনৰ ঘৰখন ৷ মহাবাহুৰ খহনীয়াত জাহ গ'ল ধুবুৰী জিলাৰ ভাষানি চৰৰ পূৰ্বৰ সেই প্ৰথম খণ্ড গাঁৱৰ অস্তিত্ব ৷ বিগত বহু বছৰৰ পৰাই এই অঞ্চলত অব্যাহত বানৰ তাণ্ডৱে সলনি কৰি পেলাইছে বৃহত্তৰ জিলাখনৰ ভৌগোলিক মানচিত্ৰ ৷ তাহানিৰ বহু আঢ্যৱন্ত পৰিয়ালৰ লোকে এতিয়া নিজক মাটি-বাৰী হেৰুৱাই বাস কৰিবলগীয়া হৈছে আনৰ মাটিত ৷

বান-খহনীয়াত অস্তিত্বহীন হৈ পৰা গাঁওখন
বান-খহনীয়াত অস্তিত্বহীন হৈ পৰা গাঁওখন

প্ৰতি বছৰে বানৰ কবলত পৰি সৰ্বস্বান্ত হোৱা এইসকল লোকে এই বছৰ যদি এখন চৰত, তেন্তে অহা বছৰ আকৌ আন এখন চৰত বসতি কৰে ৷ কিয়নো বিধ্বংসী বানে লগ নেৰে তেওঁলোকৰ ৷ তৎসত্বেও এই পৰ্যন্ত বানাক্ৰান্ত লোকে চৰকাৰৰ পৰা পোৱা নাই কোনো ধৰণৰ বিহীত ব্যৱস্থা ৷ প্ৰতি বছৰে ক্ষতিগ্ৰস্ত লোকে সাহায্যৰ বাবে চৰকাৰক আবেদন কৰি আহিছে যদিও, আজিলৈ তেওঁলোক বঞ্চিত হৈ আহিছে তেওঁলোকৰ প্ৰাপ্যৰ পৰা ৷ কিন্তু এতিয়াও কোনো সাহায্য লাভৰ আশাত বন্দী ভুক্তভোগী লোকসকল ৷

শান্ত সমাহিত বুঢ়া লুইত যেতিয়া অশান্ত হয়...

লগতে পঢ়কঃ চিৰাং-বঙাইগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.