ETV Bharat / state

ঘৰ আহি পালে শ্বহীদ বীৰ জোৱানৰ নশ্বৰ দেহ - martyred soldier

সোমবাৰে পুৱাই নিজ গৃহ পালেহি পাকিস্থানী সেনাৰ গুলিত নিহত হোৱা স্থলসেনাৰ হাবিলদাৰ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰ দেহ । উল্লেখ্য় যে, ৰাষ্ট্ৰীয় মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব অসম সন্তান বীৰ জোৱানজনৰ । ইয়াৰ বাবে জিলা প্ৰশাসনে সম্পন্ন কৰি তুলিছে যাৱতীয় ব্যৱস্থা ৷

ঘৰ আহি পালে শ্বহীদ বীৰ জোৱানৰ নশ্বৰ দেহ
ঘৰ আহি পালে শ্বহীদ বীৰ জোৱানৰ নশ্বৰ দেহ
author img

By

Published : Nov 16, 2020, 11:20 AM IST

Updated : Nov 16, 2020, 12:19 PM IST

ধুবুৰী, 16 নৱেম্বৰ : পুৱাই গুৱাহাটীৰ পৰা নিজ গৃহলৈ অনা হয় জম্মু-কাশ্মীৰত পাকিস্তানী সেনাৰ হাতত প্ৰাণ হেৰুওৱা শ্বহীদ সেনা জোৱান হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰ দেহ । ধুবুৰীৰ বিলাসীপাৰাৰ ফুটকীবাৰীত এতিয়া শোকাকূল পৰিৱেশে বিৰাজ কৰিছে ৷ পুৱা প্ৰায় চাৰে সাত বজাত নিজ গৃহত উপস্থিত হয় বীৰ জোৱান হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰ দেহ ।

ঘৰ আহি পালে শ্বহীদ বীৰ জোৱানৰ নশ্বৰ দেহ
ঘৰ আহি পালে শ্বহীদ বীৰ জোৱানৰ নশ্বৰ দেহ

লগতে পঢ়ক : পাকিস্তানৰ যুদ্ধবিৰতি উলংঘনঃ শ্বহীদ অসমৰ বীৰ জোৱান

জম্মু কাশ্মীৰৰ ভাৰত-পাক সীমান্তৰ নিয়ন্ত্ৰণৰেখাত দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থকা অৱস্থাত দেশৰ হকে প্ৰাণ আহুতি দিয়ে অসম সন্তান হৰধন চন্দ্ৰ ৰয়ে । ৰাষ্ট্ৰীয় মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব অসম সন্তান বীৰ জোৱানজনৰ ৷ ইয়াৰ বাবে ধুবুৰী জিলা প্ৰশাসনে সম্পন্ন কৰি তুলিছে যাবতীয় ব্যৱস্থা । সম্প্ৰতি বিলাসীপাৰাৰ ফুটকীবাৰীৰ গৌৰাং নৈৰ পাৰত বীৰ শ্বহীদ জোৱান হৰধন চন্দ্ৰ ৰায়লৈ শেষ শ্ৰদ্ধাঞ্জলি জনাইছে অজস্ৰ জনে । বীৰ শ্বহীদ জোৱান হৰধন চন্দ্ৰ ৰায়লৈ শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ গৌৰাং নৈৰ পাৰত সমবেত হৈছে হেজাৰ হেজাৰ লোক ।

লগতে পঢ়ক : নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ

মন্ত্ৰী ফনীভূষণ চৌধুৰী, মন্ত্ৰী প্ৰমীলাৰণী ব্ৰহ্ম, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক অশোক কুমাৰ সিংহিকে ধৰি বহু ৰাজনৈতিক নেতা আৰু আছু, আক্ৰাছু, আমছু, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি কৰি বিভিন্ন অৰাজনৈতিক সংগঠন, সামাজিক সংগঠনৰ উপৰিও পৰিয়ালৰ লোক আত্মীয়ৰ লগতে অঞ্চলবাসীয়ে শোকাকূল পৰিৱেশৰ মাজেৰে শেষ শ্ৰদ্ধা নিবেদন কৰে অসম সন্তান বীৰ জোৱান শ্বহীদ হৰধন চন্দ্ৰ ৰায়লৈ ।

ঘৰ আহি পালে শ্বহীদ বীৰ জোৱানৰ নশ্বৰ দেহ

উল্লেখ্য যে, নিৰ্ধাৰিত সময়ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপ্ত কৰাৰ পিছত গৌৰাং নৈৰ পাৰত ফুটকীবাৰী আঞ্চলিক শ্মশানত ৰাষ্ট্ৰীয় মৰ্য্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব শ্বহীদ জোৱানজনৰ ৷

লগতে পঢ়ক : হৰধন ৰায়ৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ এককালীন সাহাৰ্য

Last Updated : Nov 16, 2020, 12:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.