ধুবুৰী, 14 আগষ্ট: পশ্চিম বংগৰ পৰা আহি নিজ স্বামীক বিচাৰি ধুবুৰীত এগৰাকী মহিলা । দীৰ্ঘদিন ধৰি নিজ পত্নীক এৰি হিন্দু নাম লৈ অন্য হিন্দু মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । লাভ জেহাদীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগো উত্থাপিত হৈছে ছফি আলী নামৰ লোকজনৰ বিৰুদ্ধে ।
পেন কাৰ্ড, আধাৰ কাৰ্ডত ভুৱাকৈ ৰাজু দাস হিচাবে নাম সন্নিৱিষ্ট কৰি হিন্দু যুৱতীৰে প্ৰেম কৰাৰ অভিযোগ ছফি আলীৰ বিৰুদ্ধে । হাইলাকান্দিৰ জুবেৰ আহমেদ বৰভূঞাই নিজকে হিন্দু বুলি পৰিচয় দি হিন্দু মহিলাৰে সম্পৰ্ক কৰাৰ অভিযোগ বুলিছে নিজ পত্নীয়ে । উল্লেখ্য যে, আঠ বছৰ পূৰ্বে পশ্চিম বংগৰ মহিলাগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল জুবেৰ আহমেদ বৰভূঞা ।
জুবেৰ আহমেদ বৰভূঞাৰ বৈবাহিক জীৱনৰ সাক্ষী হিচাবে আছে দুটি সন্তান । সন্তান-পত্নী থকাৰ পিছতো বিভিন্ন ঠাইত নিজকে ৰাজু দাস বুলি হিন্দু নাম দি হিন্দু যুৱতী-মহিলাৰে প্ৰমৰ সম্পৰ্ক গঢ়াৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে । জুবেৰে নলবাৰী জিলাৰ এগৰাকী হিন্দু যুৱতীকো বিয়া কৰোৱা বুলি জানিবলৈ দিয়ে পত্নীয়ে । সেয়ে আজি স্বামীক বিচাৰি পশ্চিম বংগৰ পৰা ধুবুৰী পালেহি মহিলাগৰাকী (West Bengal woman at Dhubri finding husband) ৷
পত্নীৰ অভিযোগৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে জুবেৰ আহমেদ বৰভূঞাক আটক কৰে যদিও পৰৱৰ্তী সময়ত ৰহস্যজনক কাৰণত মোকলাই দিয়ে ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্ত নকৰাকৈ লোকজনক মুকলি কৰি দিয়া ঘটনাই সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: ধেমাজি ট্ৰেজেডি তথ্যচিত্ৰৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ