ETV Bharat / state

অবৈধ সম্পৰ্কৰ প্ৰস্তাৱ নাকচ; কামনাৰ বলি বিবাহিতা মহিলা ! - প্ৰাক্তন পঞ্চায়ত সভাপতিৰ ধৰ্ষণ

প্ৰাক্তন পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ধৰ্ষণ(Rape)ৰ অভিযোগ ৷ ভোগদহৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন পঞ্চায়ত সভাপতি আতাউৰ ৰহমানে এগৰাকী বিবাহিতা মহিলাক অবৈধ সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দিয়াৰ পাচত সেই প্ৰস্তাৱ নাকচ কৰিছিল মহিলাগৰাকীয়ে ৷ যাৰ পৰিণতিত আতাউৰে মহিলাগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ক’ত হৈছে এই চাঞ্চল্যকৰ ঘটনা, জানিবলৈ সবিশেষ পঢ়ক...

married woman being raped in dhubri
ধুবুৰীত বিবাহিতা মহিলাক ধৰ্ষণ
author img

By

Published : Nov 10, 2021, 10:34 AM IST

ধুবুৰী, 10 নৱেম্বৰ : ধুবুৰীৰ ভোগদহৰত প্ৰাক্তন পঞ্চায়ত সভাপতিসহ এজনৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন নিৰ্যাতন(Rape)ৰ অভিযোগ ৷ অভিযুক্তৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাই ৷ প্ৰাপ্ত তথ্য অনুসৰি, কিছুদিন পূৰ্বে ভোগদহৰ গাঁও পঞ্চায়ত এলেকাৰ কলাপাকানী দ্বিতীয় খণ্ড গাঁৱৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে অবৈধ সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দিছিল প্ৰাক্তন পঞ্চায়ত সভাপতি আতাউৰ ৰহমানে ।

ধুবুৰীত বিবাহিতা মহিলাক ধৰ্ষণ

মহিলাগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰাত পুনৰ 5 নৱেম্বৰৰ নিশা সভাপতি আতাউৰ ৰহমানে বলপূৰ্বকভাৱে ধৰ্ষণ কৰে মহিলাগৰাকীক । সেই সময়তে জাইদুল ইছলাম নামৰ আন এজন লোকে মহিলাগৰাকীৰ মূৰত পিষ্টল টোৱাই ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷

মহিলাগৰাকীয়ে ইতিমধ্যে দুই অভিযুক্তৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰৰ ভিত্তিত মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ধুবুৰীৰ এ এম কোঃ ৰোড আৰক্ষীয়ে । ইফালে প্ৰাক্তন পঞ্চায়ত সভাপতি আতাউৰ ৰহমানে এই অভিযোগ খণ্ডন কৰে যদিও আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব সকলো তথ্য ।

বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে কোনো এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : প্ৰেমৰ প্ৰস্তাৱ নামানিলে গণ-ধৰ্ষণৰ ভাবুকি দিলে নাজিমূলে; শংকিত ছাত্ৰীৰ আত্মহত্যা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.