পূৱ বিলাসীপাৰা, 23 জানুৱাৰী: শিৱসাগৰৰ জেৰেঙা পথাৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমি পট্টা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে পূৱ বিলাসীপাৰাৰ চাপৰত ভূমিহীন লোক সকলক ভূমি পট্টা প্ৰদান কৰা হয় ৷
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত চাপৰৰ ভকতগাঁওস্থিত শৰৎ চন্দ্ৰ সিংহৰ সাংস্কৃতিক ক্ষেত্ৰত ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ মুঠ 92 গৰাকী হিতাধিকাৰীৰ মাজত ভূমিপট্টা আৰু আবন্টন পত্ৰ বিতৰণ কৰা হয় ।
এই 92 গৰাকী হিতাধিকাৰীৰ মাজত 36 গৰাকী বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তর্গত হোৱাৰ বিপৰীতে 56 গৰাকী চাপৰ ৰাজহ চক্ৰৰ অন্তর্গত বুলি জানিব পৰা গৈছে ৷
শনিবাৰৰ এই ভূমি পট্টা প্ৰদান অনুষ্ঠানত ধুবুৰী জিলাৰ উপায়ুক্ত অনন্ত লাল জ্ঞানী, বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি, 27 নং পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীকে লগতে বহু কেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷
লগতে পঢ়ক: বিজেপি চৰকাৰেহে অসমৰ পৰা বিদেশী খেদিব পাৰিব : সৰ্বানন্দ সোণোৱাল