ধুবুৰী, 8 মে’: ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ ৷ উচ্ছেদৰ বিৰোধিতাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ উচ্ছেদৰ বিৰোধিতাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক ৰাইজে দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ (KMSS Protest in Dhubri) ৷
জানিব পৰা মতে, ধুবুৰীৰ মহমায়া উন্নয়ন খণ্ড এলেকাৰ, শালটাৰী গাঁও পঞ্চায়তৰ কচলেট্টাৰী প্ৰথম খণ্ড গাঁৱৰ এডোখৰ মাটিত 1977 চনৰ পৰাই বসতি স্থাপন কৰি থকা শতাধিক পৰিয়ালক উচ্ছেদ কৰাৰ বাবে যোৱা 23 মাৰ্চত উচ্ছেদৰ জাননী জাৰি কৰে প্ৰশাসনে ৷ উচ্ছেদৰ জাননী পোৱাৰ পিছতেই হাহাকাৰ পৰিস্থিৰ সৃষ্টি হয় গাঁওখনৰ শতাধিক পৰিয়ালৰ মাজত (KMSS Protest against Eviction in Dhubri) ৷
গাঁওখনত উচ্ছেদৰ বিৰোধিতাৰে ধুবুৰীৰ ৰাণীগঞ্জ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰপায়ন কৰে সংগঠনটোৱে ৷ হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ শতাধিক পুৰুষ-মহিলাই উচ্ছেদৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ (Protest against Eviction in Dhubri) ৷
লগতে প্ৰতিবাদস্থলীৰ পৰাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী ৰাইজৰ দাবী পূৰণ নহ’লে অনাগত দিনত ইয়াতকৈও ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে যদি প্ৰশাসনে এই স্থানত উচ্ছেদ কৰে তেন্তে উচ্ছেদৰ পূৰ্বে এই সকল ভূমিহীন পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰী ৰাইজে (Krishak Mukti Sangram Samiti KMSS) ৷
ইফালে উচ্ছেদৰ নামত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজনীতি কৰি আছে বুলি উল্লেখ কৰি এনেধৰণৰ ৰাজনীতি শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনায় প্ৰতিহাদকাৰী সকলে ৷ লগতে মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ দিনত দৰিদ্ৰ সকলে ভূমিৰ অধিকাৰ পাব, ভূমিৰ পট্টা দিয়া হ’ব বুলি দম্ভালি মাৰি আহিছে যদিও এতিয়া উচ্ছেদৰ ৰাজনীতিহে কৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: Demand of ST status: ছয় জনগোষ্ঠীৰ ৰাইজক আভুৱা ভাৰিছে বিজেপি চৰকাৰে; আটাছু