ETV Bharat / state

Sensational Incident: ধুবুৰীৰ ৰাজপথত ন্যায় বিচাৰি হাহাকাৰ এজন মৃত ব্যক্তিৰ ! - সমাবায় সমিতিৰ সভাপতি আনোৱাৰ হুছেইন

এজন মৃত ব্যক্তিৰ কৰুণ গাঁথা, একাংশৰ ৰাজনীতিৰ বলি হৈ কাগজে-পত্ৰই 2011 চনতেই মৃত্যু হৈছিল লোকজনৰ ৷ কি ইয়াৰ আঁৰৰ ৰহস্য ?

Killing of people while trying to cover up cooperatives scam
ধুবুৰীৰ ৰাজপথত ন্যায় বিচাৰি হাহাকাৰ এজন মৃত ব্যক্তিৰ !
author img

By

Published : Aug 21, 2023, 8:04 PM IST

ধুবুৰীৰ ৰাজপথত ন্যায় বিচাৰি হাহাকাৰ এজন মৃত ব্যক্তিৰ !

ধুবুৰী, 21 আগষ্ট : আপুনি মৃত ব্যক্তিয়ে খোজকঢ়া বা কথা কোৱা দেখিছেনে ? সোমবাৰে সাংবাদিকৰ কেমেৰাৰ সন্মুখত এক দশক পূৰ্বে মৃত্যু হোৱা ব্যক্তিয়ে দিলে চাঞ্চল্যকৰ সাক্ষাৎকাৰ। 12 বছৰ পূৰ্বে মৃত্যু হোৱা ব্যক্তি সুস্থ শৰীৰে উপস্থিত হ’ল ধুবুৰীত। ন্যায় বিচাৰি ধুবুৰীত ঘূৰি ফুৰিছে লোকজন।

আজিৰ পৰা প্ৰায় 12 বছৰ পূৰ্বে মৃত্যু হৈছে লোকজনৰ। কিন্তু এক দশক পূৰ্বে মৃত ব্যক্তি এজন কেনেকৈ জীৱিত থাকিব পাৰে। চাঞ্চল্যকৰ বিষয়টোলৈ আপোনাৰ মনত নিশ্চয় প্ৰশ্ন উদয় হৈছে। কি আছে ইয়াৰ আঁৰৰ ৰহস্য ?

ঘটনাৰ বিৱৰণী অনুসৰি এইজন লোকৰ নাম জালাল উদ্দিন। ধুবুৰীৰ গেৰামাৰী সমবায় সমিতিৰ অন্তৰ্গত মাঝেৰচৰ চলাকুৰা গাঁও পঞ্চায়তৰ 1 ম খণ্ড গাঁৱত ঘৰ জালাল উদ্দিনৰ। প্ৰাপ্ত অভিযোগ অনুসৰি, গেৰামাৰী সমবায় সমিতিৰ অন্তৰ্গত মাজেৰচৰ চলাকুৰা গাওঁ পঞ্চায়তৰ 1ম খণ্ড গাঁৱৰ স্থায়ী বাসিন্দা জালাল উদ্দিন নামৰ লোকজন সমবায় সমিতিখনৰ দুৰ্বল শ্ৰেণীৰ ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ 2460 ৰ মতে এজন অংশীদাৰ অৰ্থাৎ শ্বেয়াৰ হোল্ডাৰ।

কিন্তু সমাবায় সমিতিৰ সভাপতি আনোৱাৰ হুছেইন আৰু সম্পাদক জাকিৰ হুছেইনে একাংশ সদস্যৰে মিলি 2011 চনতেই লোকজন মৃত বুলি দেখুৱাই নথি পত্ৰত। আনকি সমিতিৰ ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন কৰা হৈছিল সমিতিৰ শ্বেয়াৰ হোল্ডাৰ জালাল উদ্দিনৰ। ইপিনে 2011 চনতেই মৃত্যু হোৱা বুলি 2019 চনৰ নথি পত্ৰত উল্লেখ কৰা হৈছে যদিও 2018 চনত অনুষ্ঠিত সমিতিৰ নিৰ্বাচনত ভোটদানো কৰিছিল জালাল উদ্দিনে।

কিন্তু 2023 বৰ্ষত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটাৰ তালিকাত নিজৰ নাম কৰ্তন কৰা দেখি হতভম্ব হৈ পৰে জালাল উদ্দিন। আব্দুল কৰিম নামৰ এজন ব্যক্তিৰ আবেদনৰ ভিত্তিত জালাল উদ্দিনক মৃত বুলি দেখুৱা হৈছিল।

উল্লেখ্য যে, গেৰামাৰী সমবায় সমিতিত এক বৃহৎ কেলেংকাৰীৰ গাপ দিয়াৰ বাবেই ষড়যন্ত্ৰমূলকভাৱে জালাল উদ্দিনক মৃত বুলি দেখুৱাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰে জালাল উদ্দিনে।

ইয়াৰ পিচতে এতিয়া আৰক্ষীয়ে কি ধৰণে তদন্ত প্ৰক্ৰিয়া চলাই নিয়ে সেয়াহে হ’ব লক্ষণীয় বিষয়। যদিও প্ৰায় 12 বছৰ পূৰ্বে মৃত ব্যক্তি এগৰাকীয়ে সুস্থ শৰীৰে সংবাদ মাধ্যমৰ আগত চাঞ্চল্যকৰ বিৱৰণ দিয়া ঘটনাই স্বাভাৱিকতে আচৰিত কৰি তুলিছে সকলোকে।

লগতে পঢ়ক: Aam Admi Party: অসম ৰাজ্যিক আপ সমিতিৰ 9 গৰাকী সদস্যৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.