ETV Bharat / state

কবিৰাজৰ কবলৰ পৰা উদ্ধাৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিশু

author img

By

Published : Jul 14, 2019, 2:04 PM IST

যোৱা দুদিনত ধুবুৰীৰ বিলাসীপাৰা আৰু গোলকগঞ্জৰ দুজনকৈ লোক মহামাৰী জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু মুখত পৰাৰ বিপৰীতে আন কেইবাজনো আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । এনে সময়তে অন্ধ বিশ্বাসৰ বশৱৰ্তী হোৱা এনে এগৰাকী ৰোগীৰ পৰিয়ালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা উভতি আহি কবিৰাজৰ শৰণাপন্ন হোৱা এক ঘটনাই জোকাৰি গৈছে সকলোকে ।

আমছুৰ প্ৰচেষ্টাত কবিৰাজৰ কবলৰ পৰা উদ্ধাৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিশু

ধুবুৰী,14 জুলাইঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে মহামাৰী জাপানীজ এনকেফেলাইটিছ ৰোগে । ধুবুৰীৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ কাউনবাৰী গাঁৱৰ আব্দুল জলিলৰ আঠ বছৰীয়া কন্যা তথা তৃতীয় শ্ৰেণীত অধ্যয়নৰত জুলেখা খাতুন । জুলেখা খাতুন নামৰ শিশুটি আক্ৰান্ত হৈছে মাৰাত্মক এনকেফেলাইটিছ ৰোগত । যোৱা প্ৰায় তিনি সপ্তাহ পূৰ্বে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা শিশুটিক প্ৰথমে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দুসপ্তাহ চিকিৎসা গ্ৰহণৰ পিছত অৰ্থৰ অভাৱত ঘৰলৈ উভতি আহে অসহায় পিতৃ মাতৃ।

আমছুৰ প্ৰচেষ্টাত কবিৰাজৰ কবলৰ পৰা উদ্ধাৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিশু

ইপিনে শিশুটিক ঘৰলৈ অনাৰ পিছত যোৱা তিনিদিনে বিলাসীপাৰাৰ চুৱাপাতা গাঁৱৰ এজন কবিৰাজৰ ওচৰ চাপিছিল অসহায় পৰিয়ালটো । এই খবৰ লাভ কৰে সাংবাদিকৰ লগতে আমছুৱে । পিছত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দিলোৱাৰ হুছেইনৰ প্ৰচেষ্টাত প্ৰায় বাৰ ঘন্টা সময় কষ্ট কৰি শিশুটিক কবিৰাজৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইপিনে আমছু নেতা গৰাকীয়ে অসহায় পিতৃ মাতৃ সহ শিশুটিক ধুবুৰী অসামৰিক চিকিৎসালয়ত পুনৰবাৰ ভৰ্তি কৰে । জৰুৰীকালীন অৱস্থাত চিকিৎসকে চোৱাচিতাৰ পিছত শিশুটিক ভৰ্তি কৰায় চিকিৎসকে । চিকিৎসকৰ মতে শিশুটি বৰ্তমান সংকটজনক অৱস্থাত আছে । আনহাতে এই ৰোগৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া হয় বুলি উল্লেখ কৰে চিকিৎসক ৰফিকুল ইছলামে।উল্লেখযোগ্য যে, এই মুহূৰ্তলৈকে ধুবুৰী জিলাত দুজনকৈ লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। লগতে আন কেইবাজনো আক্ৰান্ত হৈ আছে যদিও এই ক্ষেত্ৰত জিলা খনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়কঃ হাতীমূৰা-কুকুৰাকটা মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

Intro: কবিৰাজৰ কবলৰ পৰা আমছুৱে উদ্ধাৰ কৰিলে ৰোগীক। ধুবুৰীৰ বিলাসিপাৰাত যোৱা তিনিদিনে কবিৰাজৰ স্বৰণাপন্ন হৈ থকা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা এটি শিশু ৰোগীক আমছুৱে উদ্ধাৰ কৰি ভৰ্তি কৰোৱালে চিকিৎসালয়ত। জিলাখনত যোৱা দুদিনত মৃত্যু দুজনৰ। আক্ৰান্ত কেইবাজনো।

Body:
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে মহামাৰী জাপানীজ এনকেফেলাইটিছ ৰোগে। ইতিমধ্যে যোৱা দুদিনত ধুবুৰীৰ বিলাসিপাৰা আৰু গোলকগঞ্জৰ দুজনকৈ লোক মৃত্যু মুখত পৰাৰ বিপৰীতে আন কেইবাজনো আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে। এনে সময়তে অন্ধ বিশ্বাসৰ বশৱৰ্তী হোৱা এনে এগৰাকী ৰোগীৰ পৰিয়ালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা উভতি আহি কবিৰাজৰ স্বৰণাপন্ন হোৱা এক ঘটনাই জোকাৰি গৈছে সকলোকে। এই গৰাকী শিশুটিলৈ মন কৰক। এগৰাকী আমছু নেতাই কান্ধত উঠাই লৈ গৈছে চিকিৎসালয়ত। শিশুৰ নাম জুলেখা খাতুন। ধুবুৰীৰ বিলাসিপাৰা পশ্চিম সমষ্টিৰ কাউনবাৰী গাঁওৰ আব্দুল জলিলৰ আঠ বছৰীয়া কন্যা তথা তৃতীয় শ্ৰেণীত অধ্যায়নৰত জুলেখা খাতুন। পখিলা খেদা বয়সতে শিশুটি মাৰাত্মক মহামাৰী ৰোগত আক্ৰান্ত হৈছে। যোৱা প্ৰায় তিনি সপ্তাহ পূৰ্বে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা শিশুটিক প্ৰথমতে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিওঁ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় দুসপ্তাহ চিকিৎসা গ্ৰহণৰ পিছত বহু টকা খৰচ কৰি পিছত অৰ্থৰ অভাৱত ঘৰলৈ উভতি আহে অসহায় পিতৃ মাতৃ।

ইপিনে শিশুটিক ঘৰলৈ অনাৰ পিছত যোৱা তিনিদিনে বিলাসিপাৰাৰ চুৱাপাতা গাঁওৰ এজন কবিৰাজৰ স্বৰণাপন্ন হৈ আছিল অসহায় পৰিয়ালটো। এই খবৰ লাভ কৰে সাংবাদিকৰ লগতে আমছুৱে। পিছত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দিলোৱাৰ হুছেইনৰ প্ৰচেষ্টাত প্ৰায় বাৰ ঘন্টা সময় কষ্ট কৰি শিশুটিক কবিৰাজৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইপিনে আমছু নেতা গৰাকীয়ে অসহায় পিতৃ মাতৃ সহ শিশুটিক নিজৰ বাহনেৰে লৈ ধুবুৰী অসামৰিক চিকিৎসালয়ত পুনৰবাৰ ভৰ্তি কৰোৱায়। জৰুৰীকালীন অৱস্থাত চিকিৎসক চোৱাচিতাৰ পিছত শিশুটিক ভৰ্তি কৰায় চিকিৎসকে। ইপিনে চিকিৎসকৰ মতে শিশুটি বৰ্তমান সংকটজনক অৱস্থাত আছে। আনহাতে এই ৰোগৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া হয় বুলি উল্লেখ কৰে চিকিৎসক ৰফিকুল ইছলামে।
Byte:- Dr. Rafiqul Islam

ইপিনে সাংবাদিকৰ সহযোগত আমছুৱে শিশুটিক উদ্ধাৰ কৰি অৱশেষত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত কাইলৈ এটা পৰ্য্যায়ৰ পৰীক্ষা কৰাৰ পিছত চিকিৎসা আৰম্ভ কৰা হব বুলি উল্লেখ কৰি এই ৰোগ কেতিয়াও কবিৰাজৰ দ্বাৰা ভাল নহয় বুলি কৈ অন্ধ বিশ্বাসৰ বশৱৰ্তী নহবলৈ সকলোকে আহ্বান জনায় আমছু নেতা দিলোৱাৰ হুছেইনে।
Byte:- Dilowar Hussain, Aamsu

Conclusion: উল্লেখযোগ্য যে, এই মুহূৰ্তলৈকে ধুবুৰী জিলাত দুজনকৈ লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। লগতে আন কেইবাজনো আক্ৰান্ত হৈ আছে। যদিওঁ এই ক্ষেত্ৰত জিলা খনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.