ETV Bharat / state

আনন্দ মিশ্ৰ এগৰাকী অসমীয়া বিদ্বেষী IPS বিষয়া: কমল কুমাৰ মেধি

author img

By

Published : Feb 11, 2022, 4:34 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত আইপিএছ বিষয়া আনন্দ মিশ্ৰৰ প্ৰসংগ । বিষয়াগৰাকী সম্পৰ্কে এইবাৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিৰ (Kamal kumar medhi reaction against Anand Mishra)। আনন্দ মিশ্ৰ এগৰাকী অসমীয়া বিদ্বেষী আইপিএছ বিষয়া ।

Bilashipara
আনন্দ মিশ্ৰ এগৰাকী অসমীয়া বিদ্বেষী IPS বিষয়া

বিলাসীপাৰা,১১ ফেব্ৰুৱাৰী : শেহতীয়া নগাঁৱৰ এনকাউণ্টাৰ আৰু আইপিএছ বিষয়া আনন্দ মিশ্ৰৰ প্ৰসংগই ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছে । নগাঁৱৰ আনন্দ মিশ্ৰক বদলিৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কোনোৱে যদি চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লৈছে কোনোৱে আকৌ আনন্দ মিশ্ৰৰ পক্ষত থাকি মন্তব্য কৰিছে । এইবাৰ ৰাইজৰ দলৰ এগৰাকী নেতাই আনন্দ মিশ্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে (Kamal kumar medhi reaction against Anand Mishra)।

ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিৰ মতে আনন্দ মিশ্ৰক কেৱল বদলি কৰাটো তেওঁলোকে বিচৰা নাছিল । তেওঁৰ মতে আৰক্ষী অধীক্ষকগৰাকীক কঠোৰ শাস্তিহে দিব লাগিছিল । বিলাসীপাৰাত ৰাইজৰ দলৰ এখন সভাত উপস্থিত থাকি এই মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ।

তেওঁৰ অভিযোগ নগাঁৱত আনন্দ মিশ্ৰই কীৰ্তিকমলৰ দৰে আৰু বহু ভুৱা এনকাউন্টাৰ কৰিছে । যিবোৰৰ তদন্তই নহ'ল । তেওঁ লগতে অভিযোগ কৰে যে আনন্দ মিশ্ৰ এগৰাকী অসমীয়া বিদ্বেষী আইপিএছ বিষয়া ।

ইয়াৰ প্ৰমাণ স্বৰূপে আনন্দ মিশ্ৰই কা' আন্দোলনৰ সময়ত নিৰীহ অসমীয়া যুৱকক গুৰুলা-গুৰুল কৈ পিটিছিল । সেয়ে এনে এগৰাকী আৰক্ষী বিষয়াক কঠোৰ শাস্তিৰ দাবী কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে ।

লগতে পঢ়ক :বুঢ়া আঙুলি দেখুওৱাৰ পিছতো কিয় শ্বেৰমান-শশীক বহিষ্কাৰ কৰিব পৰা নাই কংগ্ৰেছে ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.