ETV Bharat / state

Madhupur Satra: মধুপুৰ সত্ৰৰ সামগ্ৰিক উন্নয়নৰ মাষ্টাৰ প্লেন প্ৰস্তুতৰ দায়িত্ব পৰ্যটন বিভাগক অৰ্পন

author img

By

Published : Apr 24, 2023, 1:10 PM IST

ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰাজ্যৰ সত্ৰ প্ৰতিনিধিৰে গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ (Meeting with satra representatives at Dhubri DC office)৷ মধুপুৰ সত্ৰৰ সামগ্ৰিক উন্নয়নৰ মাষ্টাৰ প্লেন প্ৰস্তুতৰ দায়িত্ব দিয়া হ’ল পৰ্যটন বিভাগক ৷ দুমাহৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হ’ব সত্ৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক ৷

Meeting with satra representatives
ঐতিহাসিক মধুপুৰ সত্ৰৰ সামগ্ৰীক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ

ধুবুৰী, 24 এপ্ৰিল : গুৰুজনাৰ শেষ বয়সৰ কৰ্মভূমি আৰু গুৰুজনাৰ মহা প্ৰণয়ন তথা পুণ্যভূমি মধুপুৰ সত্ৰত চলি থকা দীর্ঘদিনীয়া আসোঁৱাহ আৰু ঐতিহাসিক মধুপুৰ সত্ৰৰ সামগ্ৰীক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি দেওবাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয় (Meeting with satra representatives at Dhubri DC office)। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত প্ৰায় পাঁচ ঘন্টীয়া বৈঠক বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

চুবুৰীয়া ৰাজ্য পশ্চিমবংগস্থিত গুৰুজনাৰ মধুপুৰ সত্ৰৰ পৰা বৰপেটা, মাজুলীলৈকে বিভিন্ন সত্ৰৰ মুঠ 21 গৰাকী সত্ৰাধিকাৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিৰ সচিব, পৰ্যটন বিভাগৰ বিষয়া আৰু জিলা উপায়ুক্তসহ কেইবাগৰাকী প্ৰশাসনিক বিষয়াই অংশগ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ বৈঠকত ।

উল্লেখ্য যে, 1960 চনতে গঠন হোৱা মধুপুৰ সত্ৰ সমিতিয়ে দীর্ঘ বছৰ কাৰ্যনিৰ্বাহ কৰি আহিছিল । কিন্তু বহু বছৰ ধৰি অসম ভিত্তিত পৰিচালনা সমিতি গঠন হোৱা নাছিল । মাজে সময় নতুন কমিটি গঠন কৰা হৈছিল যদিও কোনে কিদৰে কমিটি গঠন কৰিছিল সেই সন্দৰ্ভত অধিকাংশ সত্ৰাধিকাৰেই জ্ঞাত নাছিল ৷

লগতে মধুপুৰ সত্ৰ পৰিচালনা আৰু বিভিন্ন কাম কাজত বিগত দিনবোৰত ব্যাপক খেলিমেলি চলি থকাৰো অভিযোগো উত্থাপন হৈছিল ৷ সেইবাবে 1096 চনত গঠন হোৱা সত্ৰ সমিতিৰ গাইড লাইন অনুসৰি দেওবাৰে নতুনকৈ সাধাৰণ কমিটি এখন গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় । মধুপুৰ সত্ৰৰ সৈতে জড়িত অসম আৰু পশ্চিমবংগৰ সত্ৰসমূহৰ প্ৰতিনিধিবৰ্গক লৈ এই সাধাৰণ কমিটিখন গঠন কৰাৰ কথা সদৰী কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

সত্ৰৰ সংবিধান অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাৰ্যবাহী পৰিষদৰ সদস্য হিচাবে লৈ বাকী সত্ৰসমূহৰ প্ৰতিনিধিবৰ্গক লৈ মধুপুৰ সত্ৰৰ সত্ৰ সমিতি গঠন কৰা হ’ব বুলি সাংবাদিকৰ আগত সদৰী কৰে মন্ত্ৰীগৰাকীয়ে । অৱশ্যে দেওবাৰৰ এই বৈঠকত মধুপুৰ সত্ৰৰ সামগ্ৰিক উন্নয়ন আৰু পৰ্যটনৰ দিশত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাবে গঢ় দিয়াৰ বিপৰীতে আন বিভিন্ন আসোঁৱাহ দূৰীকৰণৰ ক্ষেত্ৰত বিশদভাৱে আলোচনা কৰা হয় উক্ত বৈঠকতে ।

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘পূৰ্বতকৈ মধুপুৰ সত্ৰলৈ আগমন ঘটা পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । পৰৱৰ্তী সময়ত দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাবে গঢ়ি তুলিবলৈ মাষ্টাৰ প্লেনৰ জৰিয়তে সকলো কাম কৰা হ’ব । লগতে এইক্ষেত্ৰত মাষ্টাৰ প্লেন প্ৰস্তুত কৰি কাম আগবঢ়াই নিয়াৰ বাবে ৰাজ্যৰ পৰ্যটন বিভাগক দায়িত্ব দিয়া হ’ব’’ ৷

আনহাতে আগন্তুক দুমাহৰ ভিতৰত বিভিন্ন সত্ৰ প্ৰতিনিধিবৰ্গক লগত লৈ মুখ্যমন্ত্ৰীৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি মধুপুৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য কৰি বিভিন্ন দিশ সামৰি আলোচনা কৰাৰ বিপৰীতে নতুন সত্ৰ সমিতি গঠন কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তৰ বিয়োগৰ পিচতেই দেওবাৰে অনুষ্ঠিত হয় এই প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক । উক্ত বৈঠকত মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব কাক কেনেকৈ দিয়া হ’ব সেই বিষয়েও আলোচনা কৰা হয় ৷ অৱশ্যে এতিয়াও সত্ৰাধিকাৰ নিৰ্বাচিত হোৱা নাই । কিন্তু সত্ৰাধিকাৰ নিৰ্বাচিত কৰাকলৈও সম্প্ৰতি দুটা ভাগত বিভক্ত হোৱাৰ এক ভিতৰুৱা তথ্য পোহৰলৈ আহিছে ।

তেনে সময়তে মধুপুৰ সত্ৰৰ পূৰ্বৰ সভাপতি সম্পাদকসহ কেইজনমান সত্ৰাধিকাৰ দেওবাৰৰ এই গুৰুত্বপূৰ্ণ বৈঠকত অনুপস্থিত থকাৰ বিষয়টোও এক ৰহস্যৰ সৃষ্টি কৰিছে ৷ অৱশ্যে এই ক্ষেত্ৰত কোনো ৰহস্য নাই বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

লগতে পঢ়ক : Incomplete Bridge Construction: পাঁচ বছৰেও নিৰ্মাণ সম্পূৰ্ণ নোহোৱা নলবাৰীৰ এখন দলং; ক্ষোভিত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.