ETV Bharat / state

শুকুৰবাৰৰ পুৱাৰে পৰা নিমাওমাও ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

author img

By

Published : May 21, 2021, 10:42 PM IST

ৰাজ্যত আজিৰে পৰা বন্ধ হৈছে আন্ত:জিলা যাতায়াত । ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী চাপৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা গ'ল ধুবুৰী জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা ।

শুক্ৰবাৰৰ পুৱাৰে পৰা নিমাওমাও ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

বিলাসীপাৰা,21 মে': ৰাজ্যত আজিৰে পৰা বন্ধ হৈছে আন্ত:জিলা যাতায়াত । অসমৰ সকলো অঞ্চলতে বৰ্তমান তীব্ৰ গতিত কৰ’ণা ভাইৰাছে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ তেনে পৰিপ্ৰেক্ষিতত চৰকাৰে শুকুৰবাৰে পুৱা 5 বজাৰ পৰাই কাৰ্যকৰী হোৱাকৈ আন্তঃজিলা যাতায়াত বন্ধৰ সিদ্ধান্ত লৈছে ৷

শুকুৰবাৰৰ পুৱাৰে পৰা নিমাওমাও ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

ইয়াৰ পাচতে ধুবুৰী জিলাৰ প্ৰতিটো সংযোগী পথত এক নিমাওমাও পৰিৱেশে বিৰাজ কৰে ৷ ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা গ'ল ধুবুৰী জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা । মালবাহী যান-বাহনৰ বাদে বঙাইগাঁও-কোকৰাঝাৰৰ পৰা অহা অন্যান্য যাত্ৰীবাহী বাহনে যাতে বিভাগীয় অনুমতি অবিহনে জিলাখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.