ETV Bharat / state

বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ সুৰা ভৰ্তি ট্ৰাক

বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ সুৰা ভৰ্তি ট্ৰাক ৷ চৰকাৰী ৰাজহ ফাঁকিৰে নথিপত্ৰ বিহীনভাৱে সুৰাসমূহ কঢ়িয়াই লৈ যোৱাৰ অভিযোগ উখাপন হৈছে ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

author img

By

Published : Aug 24, 2020, 8:05 AM IST

Illigal Wine Resue In Bilashipara
বিলাসীপাৰাত আৰক্ষীৰ অভিযান অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ

বিলাসীপাৰা, 24 আগষ্ট : ৰাজ্যত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ কৰা হয় এখন সুৰা ভৰ্তি ট্ৰাক ৷ বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাস আৰু ভাৰপ্ৰাপ্ত বিষয়া মনোজ নাৰ্জাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাত জব্দ কৰিবলৈ সক্ষম হয় সুৰা ভৰ্তি ট্ৰাকখন ৷ জব্দকৃত ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় 380 কাৰ্টুন সুৰা ৷ সুৰা ভৰ্তি ট্ৰাক খনৰ নম্বৰ AS 17 - 0957 বুলি জানিব পৰা গৈছে ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ হোৱা সুৰা সমূহৰ কোনো বৈধ নথিপত্ৰ নাই ৷ চৰকাৰী ৰাজহ ফাঁকিৰে নথিপত্ৰ বিহীনভাবে সুৰা সমূহ কঢ়িয়াই লৈ যোৱাৰ অভিযোগ উখাপন হৈছে ৷

আনহাতে, আৰক্ষীৰ অভিযানত আটক হয় ট্ৰাক খনৰ চালক বিশু সুত্ৰধৰ আৰু হেণ্ডিমেন আজাদ আলী ৷ অধিক তথ্য বাবে আটকাধীন ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন জনক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়ে ৷

উল্লেখ্য যে, অসামাজিক কাৰ্যকলাপৰ ৰম্যভূমিত পৰিণত হৈছে বিলাসীপাৰা চহৰ ৷ বিলাসীপাৰাত ইয়াৰ পূৰ্বেও শিল-বালি, গৰু ছিণ্ডিকেট, ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ অভিযোগ উখাপন হৈ আহিছে ৷

লগতে পঢ়ক : কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পঞ্চায়ত সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.