ধুবুৰী, 19 ছেপ্তেম্বৰ: বিলাসীপাৰাৰ গৰুমাৰা গাঁৱত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এটা কাঠ ফলা মেচিন ৷
অৱশ্যে, ঘটনা সন্দৰ্ভত এজনো চোৰাং কাঠ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষী দলৰ উপস্থিতিৰ উমান পাই পলাই হৈছিল চোৰাং কাঠ ব্যৱসায়ী ৷
দীৰ্ঘদিন ধৰি বিলাসীপাৰাৰ শালকোচা বনাঞ্চলৰ অধীনস্থ ভিতৰুৱা গাঁওসমূহত দিনে-নিশাই চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাৰ অভিযোগ উত্থাপন হৈছে ৷ চোৰাং কাঠ ব্যৱসায়ীসকলে ভ্ৰাম্যমান কাঠ ফলা মেচিন স্থাপন কৰি ব্যৱসায় চলাই নিয়াৰ পাচতো বন বিষয়াই ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: ধিঙত বিশেষভাৱে সক্ষম শিশুক আক্ৰমণ