ETV Bharat / state

ধুবুৰীত অঘটন, উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ

ঈদৰ দিনাই ধুবুৰীত অঘটন। এটা কোঠাতেই উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ । শোৱাপাটিত স্ত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে ডিঙিত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ স্বামীৰ মৃতদেহ ।

ধুবুৰীত অঘটন, উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ
ধুবুৰীত অঘটন, উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ
author img

By

Published : May 25, 2020, 4:19 PM IST

ধুবুৰী, ২৫ মে': পবিত্ৰ ঈদৰ দিনাই ধুবুৰীত অঘটন ৷ ধুবুৰী জিলাৰ গৌৰীপুৰত নিশা ৰহস্যজনকভাবে উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ ৷ কোঠাৰ শোৱাপাটীত স্ত্ৰীৰ আৰু চীপলৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় স্বামীৰ মৃতদেহ ৷ গৌৰীপুৰৰ বেগুনতলী খেওৱাৰ পাৰত সংঘটিত এই ঘটনা । ঈদত কোনো বজাৰ নকৰাৰ বাবেই স্বামী-স্ত্ৰীৰ কাজিয়াৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ একাংশৰ ৷ মৃত মহিলা গৰাকীৰ নাম সুমন আৰু স্বামীৰ নাম ছাইদূল ইছলাম বুলি জানিব পৰা গৈছে ৷

আনহাতে, ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ অন্ততহে এয়া হত্যা নে আত্মহত্যা সেয়া পোহৰলৈ আহিব । ঘটনাক লৈ তীব্র চাঞ্চল্য সমগ্ৰ অঞ্চলজুৰি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.