ধুবুৰীত, 15 জুলাই: ধুবুৰীত স্বামী-স্ত্ৰীৰ সম্পৰ্কক কলংকিত কৰা এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ৷ অন্য পুৰুষক 1 লক্ষাধিক টকাত এগৰাকী বোৱাৰীক বিক্ৰী কৰাৰ অভিযোগ স্বামী পৰিয়ালৰ বিৰুদ্ধে (Family sold daughter-in-law) ৷
ঘটনা অনুসৰি প্ৰায় ছয় বছৰ পূৰ্বে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ ভোগদহৰ অঞ্চলৰ মহিলাগৰাকী ধুবুৰীৰ ভাষানিৰ চৰৰ মহৰ আলীৰ পুত্ৰ মালেক উদ্দিনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ ইয়াৰে পিছতে দুয়োৰে জীৱনলৈ এটি কন্যা সন্তান আহে ৷ যোৱা 7 মাহৰ পূৰ্বে স্বামী সহ স্বামীৰ পৰিয়ালে দিল্লীস্থিত ননদৰ ঘৰলৈ যোৱাৰ পৰিকল্পনা কৰিলে ৷ সেয়েহে দিল্লীৰ পৰা স্বামীৰ ভগ্নীৰ পৰিয়ালে টিকট কাটি গোটেই পৰিয়ালটোকে দিল্লীলৈ মাতি পঠিয়ালে ৷
মহিলাগৰাকীয়ে এই কথা নিজ মাতৃৰ ঘৰত জনাওঁতে যাবলৈ বাধা আৰোপ কৰিছিল ভাতৃয়ে ৷ কিন্তু অৱশেষত স্বামীও লগত যাব বুলি জানিব পাৰি মহিলাগৰাকীক যাবলৈ অনুমতি দিয়ে ভাতৃয়ে ৷ দিল্লীত প্ৰথম তিনিমাহ ভালে কুশলে অতিক্ৰম কৰাৰ পিছতেই এদিন হঠাৎ ভনী জোঁৱাই মালেকৰ ফোন আহে মহিলাগৰাকীৰ ভাতৃলৈ ৷
- ভাই মোৰ পত্নী তথা আপোনাৰ ভগ্নী হেৰাইছে ৷ তেওঁক কালিৰ পৰা বিচাৰি পোৱা নাই ৷
এই কথা শুনি ভাতৃয়ে মালেকক অনতি পলমে ভগ্নীক বিচাৰিবৰ বাবে তাগিদা দিয়ে ৷ যিহেতু বোৱাৰীগৰাকী স্বামীৰ পৰিয়ালৰ সৈতে গৈছে, তেনে ক্ষেত্ৰত তেওঁক বিচাৰি উলোৱাটোও তেওঁলোকৰ দায়িত্ব ৷
এই ঘটনাৰ প্ৰায় 5 দিনৰ পিছত পুনৰ এদিন ভনী জোঁৱাইয়েকে পুনৰ ফোন কৰি পত্নীৰ ভাতৃক তেওঁলোকৰ কন্যা সন্তানটিক পথৰ দাঁতিত উদ্ধাৰ কৰে বুলি জনালে যদিও পত্নীৰ সন্ধান নোপোৱা বুলি জনালে মালেক উদ্দিনে ৷
লগে লগে মাতৃগৃহৰ পৰিয়ালে মহিলাগৰাকীৰ বিচাৰ খোচাৰ কৰি থকাৰ মাজতে এদিন ভুক্তভোগী মহিলাগৰাকীয়ে ভাতৃক ফোন কৰি তেওঁক স্বামীৰ পৰিয়ালে 1 লাখ 20 হাজাৰ টকাত দিল্লীৰ কোনো স্থানীয় লোকক বিক্ৰী কৰি দিয়া বুলি জনায় (wife sale by husband in Dhubri)৷ ইয়াৰ পিছৰে পৰা ক্ৰয় কৰা লোকজনে তেওঁক হাত-ভৰি বান্ধি বহু প্ৰহাৰ কৰা বুলিও জনালে ভাতৃক ৷
খবৰ লাভ কৰিয়েই মহিলাগৰাকীৰ মাতৃগৃহৰ লোকে দিল্লী আৰক্ষীৰ লগত যোগাযোগ কৰে ৷ বহুত বিচাৰ খোচাৰৰ অন্তত মহিলাগৰাকীক উদ্ধাৰ কৰি মাতৃগৃহৰ পৰিয়ালে ধুবৰীলৈ লৈ আহি সংকটজনক অৱস্থাত ধুবুৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে ৷ বৰ্তমান মহিলাগৰাকী হাস্পতালত জীৱন মৃত্যুৰে সৈতে যুঁজি আছে (Worst health condition of victim)৷
ইফালে এই ঘটনা সন্দৰ্ভত 4 জুন তাৰিখে ধুবুৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল যদিও আৰক্ষীয়ে পঞ্জীয়ন নকৰিলে গোচৰটো ৷ আনকি স্বামী মালেক উদ্দিনক আৰক্ষীয়ে আটক কৰিছিল যদিও পুনৰ মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পৰিয়ালে ৷
উল্লেখ্য যে আৰক্ষীয়ে ওলোটাকৈ ভুক্তভোগী মহিলাগৰাকীকহে দোষাৰোপ কৰে ৷ তেঁও স্বামীৰ পৰিয়ালে কোনো দোষ কৰা নাই ৷ তেওঁ নিজ ইচ্ছামতে এইবোৰ কৰা বুলি মহিলাগৰাকীৰ ভাতৃক পঠিয়াই দিয়ে ৷
লগতে পঢ়ক: Suicide Case in Goalpara: বিয়াৰ তিনিমাহ পিছতেই ডিঙিত চিপ লৈ ওলমি ৰ’ল হাছিনা