ধুবুৰী, 18 জুন : ভাৰত-চীন সীমান্তত চীনা সৈন্য সৈতে হোৱা সংঘাতত ২০ জনকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পিচতেই শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী। দেশজুৰি চলিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ভাৰত চীন সীমান্তত চীনা সৈন্যৰ পৰিকল্পিত আক্ৰমণৰ বলি হৈ এজন সেনা বিষয়াসহ শ্বহীদ হ'ল ২০ জনকৈ ভাৰতীয় জোৱান। ২০ জনকৈ জোৱান শ্বহীদ হোৱা ঘটনাত একপ্ৰকাৰ শোকস্তব্ধ হৈ পৰিছে দেশ তথা ৰাজ্যবাসী।
![indo china border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-04-18june-sroddanjoli-visbyte-7203850_18062020193427_1806f_1592489067_242.jpg)
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো বিভিন্ন স্থানত বীৰ জোৱান সকলৰ আত্মাৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মহিলা কংগ্ৰেছৰ নিৰ্দেশত বৃহস্পতিবাৰে ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ নেতৃত্বত জিলা মহিলা কংগ্ৰেছে ধুবুৰী ৰাজীৱ ভৱনত আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
![indo china border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7674558_475_7674558_1592495103702.png)
লগতে পঢ়ক : মিছামাৰীত অসম পেট্ৰেলিয়াম মজদুৰ ইউনিয়নৰ প্ৰতিবাদঃ আবদ্ধ তেল সৰবৰাহ