ধুবুৰী,1 মাৰ্চ:আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৃহৰক্ষী জোৱানৰ ৷ সোমবাৰে সমগ্ৰ অসমৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৃহৰক্ষী জোৱানসকলে চাকৰি নিয়মীয়াকৰণৰ লগতে দৰমহা বৃদ্ধিৰ বাবে দুদিনীয়া কৰ্ম বিৰতিৰ লগতে ভোট বৰ্জনৰো ঘোষণা কৰে ৷
বিজেপি চৰকাৰে কথা দি চাকৰি নিয়মীয়া নকৰাৰ অভিযোগ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰী প্ৰেক্ষাগৃহৰ সন্মুখত প্ৰতিবাদত বহে জিলাখনৰ বিভিন্ন আৰক্ষী থানা, আৰক্ষী চকীত কৰ্মৰত গৃহৰক্ষী জোৱানসকল ৷ নিৰ্বাচনৰ পূৰ্বে গৃহৰক্ষী জোৱানসকলে নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়াৰ পিছত চৰকাৰে কি ভূমিকা পালন কৰিব সেয়া হ'ব লক্ষণীয়।
লগতে পঢ়কঃ খহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা