ETV Bharat / state

পৰপুৰুষৰে সম্পৰ্ক! বিলাসীপাৰাত আইন হাতত তুলি ল'লে গাওঁবাসীয়ে

আইনক অৱমাননা একাংশ গাঁওবাসীৰ ৷ আনৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি বীৰত্ব দেখুৱালে একাংশ গাওঁবাসীয়ে ৷

স্বয়ম্ভু আইন ৰক্ষকৰ ৰূপত একাংশ গাঁওবাসী
author img

By

Published : Jul 1, 2019, 11:18 PM IST

বিলাসীপাৰা, 1 জুলাই : বিলাসীপাৰাৰ ৰাণীগঞ্জ বৰুৱাপাৰাত উত্তেজনাময় পৰিস্থিতি ৷ একাংশ উন্মত্ত ৰাইজে হাতত তুলি ললে আইন ৷ অভিযোগ অনুসৰি, সোমবাৰে অঞ্চলটোৰ এগৰাকী মহিলাক নিজ গৃহতেই মহেন্দ্ৰ নাথ নামৰ এগৰাকী পুৰুষৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰক লৈ সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ ৷ মহিলা-পুৰুষজনক একেলগে উদ্ধাৰ কৰাই নহয়, আইন হাতত তুলি উত্তেজিত ৰাইজে দুয়োকে উত্তম মাধ্যম শোধাই গতাই দিয়ে আৰক্ষীক ৷ ইপিনে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে একাংশ দালালৰ সহযোগত অবৈধ কামত লিপ্ত পুৰুষ-মহিলা হালক এৰি দিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগো উত্থাপন কৰে স্থানীয় ৰাইজে ৷

স্বয়ম্ভু আইন ৰক্ষকৰ ৰূপত একাংশ গাঁওবাসী

মহিলাগৰাকীৰ স্বামীয়ে কৰ্মসূত্ৰে বহি:ৰাজ্যত যোৱাৰ সুযোগ লৈ মহেন্দ্ৰ নাথ মহিলাগৰাকীৰ ঘৰত আহিছিল বুলিও অভিযোগ তোলে ৰাইজে ৷ সেইয়া যি নহওক কিয় , এতিয়া প্ৰশ্ন হয়, যি সময়ত বিবাহ বহিঃভূত সম্পৰ্ক কিম্বা মানুহৰ গোপনীয়তা ৰক্ষাৰ ওপৰত আইনীয়েও প্ৰদান কৰিছে সেউজ সংকেত তেনে সময়ত একাংশ উন্মত্ত ক'ত অধিকাৰ পালে এনেদৰে আনৰ ঘৰত প্ৰৱেশ কৰি মাৰপিট কৰাৰ ৷

Intro:Anchor - বিলাসীপাৰাৰ ৰাণীগঞ্জ বৰুৱাপাৰাত অসংযত অৱস্থাত উদ্ধাৰ এহাল পুৰুষ মহিলা | সোমবাৰে সংঘটিত এই ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে | উত্তেজিত জনতাই অসংযত অৱস্থাত উদ্ধাৰ হোৱা মহেন্দ্ৰ নাথৰ লগতে (মুকুতা বিবি) নামৰ মহিলা গৰাকীক উত্তম মাধ্যম সোধাই গতাই দিয়ে ৰাণীগঞ্জ আৰক্ষী | আৰক্ষী আইনী ব্যৱস্থা গ্ৰহণৰ পৰিবৰ্তে একাংশ দালালৰ সহযোগত অবৈধ কামত লিপ্ত পুৰুষ মহিলা হালক এৰি দিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উঠিছে |Body:V. O - বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত শুৰীপাৰা গাঁৱৰ বাসিন্দা মহেন্দ্ৰ নাথৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ | এটা সন্তানৰ পিতৃ মহেন্দ্ৰ নাথে ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত বৰুৱাপাৰা গাঁৱৰ দুটা সন্তানৰ মাতৃ গৰাকীৰে ৰক্ষা কৰি আহিছে অবৈধ সম্পৰ্ক | কৰ্ম সুত্ৰে স্বামী বহি:ৰাজ্যত যোৱাৰ সুযোগ লৈ মহেন্দ্ৰ নাথে আজি মহিলা গৰাকীৰ ঘৰত আহে | এনে ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় একাংশ লোকে মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ দুয়োকে অসংযত অৱস্থাত উদ্ধাৰ কৰে | পিছত উত্তম মাধ্যম সোধাই দুয়োকে ৰাণীগঞ্জ আৰক্ষীক গতাই দিয়ে | কিন্তু ৰাণীগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সমীৰণ দাসে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ পৰিবৰ্তে ৰহস্যজনক স্থিতি গ্ৰহন কৰাৰ অভিযোগ উঠিছে | গতিকে দোষীক শাস্তি প্ৰদানৰ লগতে দুৰ্নীতিৰ আশ্ৰয় লোৱা আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি তুলিবলৈ চৰকাৰক স্থানীয় বিভিন্ন দল সংগঠনে দাবী জনাইছে |Conclusion:Bite1 স্থানীয় নাগৰিক,
2. মহেন্দ্ৰ নাথ
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.