ETV Bharat / state

প্ৰচণ্ড ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্ত ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল - গৌৰীপুৰৰ মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱত বিস্তৰ ক্ষতিসাধন

ধুবুৰীত প্ৰচণ্ড ঘূৰ্ণী বতাহ । ধুমুহাৰ ফলত ধুবুৰীৰ গৌৰীপুৰৰ মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱত বিস্তৰ ক্ষতিসাধন হয় । অঞ্চলটোৰ কেইবাটাও স্থানত বৈদ্যুতিক তাঁৰ ছিগি যোৱাৰ লগতে বাসগৃহৰ ওপৰতে খুঁটাও উভালি পৰে ।

cyclone at Dhubri
প্ৰচণ্ড ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্ত ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল
author img

By

Published : May 16, 2021, 2:24 PM IST

ধুবুৰী, ১৬ মে': মহামাৰী কৰ'ণাৰ আতংকৰ মাজতে শনিবাৰে নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘূৰ্ণী বতাহে তাণ্ডৱ চলায় ৷ ধুমুহাৰ তাণ্ডৱত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হ'ল ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল ৷

cyclone at Dhubri
ঘৰ-দুৱাৰ ভাঙি যথেষ্ট ক্ষয়-ক্ষতি

নিশা অহা প্ৰচণ্ড ঘূৰ্ণী বতাহে তচনচ কৰে শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, গছ-গছনিৰ লগতে বিদ্যুতৰ খুঁটা ৷ ঘূৰ্ণী বতাহত ধুবুৰীৰ গৌৰীপুৰৰ মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱত বিস্তৰ ক্ষতিসাধন হয় ।

cyclone at Dhubri
গছ-গছনিও উভালি পৰে

ধুমুহাৰ ফলত গাঁওখনৰ প্ৰায় ২০ টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি যথেষ্ট ক্ষয়-ক্ষতি হয় । বিদ্যুতৰ তাৰ, খুঁটা উভালি পৰাৰ লগতে ধুমুহাৰ ফলত গছ-গছনিও ভাঙি পৰাৰ ফলত গাঁওখনত বিস্তৰ ক্ষতিসাধন হয় ৷

cyclone at Dhubri
বিদ্যুৎৰ খুঁটা ভাঙি পৰে

কৰ'ণা আৰু মিনি লকডাউনৰ বাবে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হোৱাৰ সময়তে প্ৰচণ্ড ঘূৰ্ণী বতাহে বহু পৰিয়ালৰ সা-সামগ্ৰী নষ্ট কৰে ।

লগতে পঢ়ক: বিধ্বংসী অগ্নিকাণ্ডত ছাৰ-খাৰ শিৱসাগৰৰ নতুন দৈনিক বজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.