ETV Bharat / state

বিলাসীপাৰাৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি - মিত্ৰজোঁটৰ মাজত আসনৰ ভাগ বাটোৱাৰা

বিলাসীপাৰাৰ পূৱ সমষ্টি মিত্ৰদল AIUDF ক এৰি দিয়াক লৈ যুৱ কংগ্ৰেছীৰ উত্তাল প্ৰতিবাদ ৷ পূৱ সমষ্টি কংগ্ৰেছক এৰি দিয়াৰ দাবীত যুৱ কংগ্ৰেছীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

heated situation at rajiv bhawan in bilasipara

author img

By

Published : Mar 6, 2021, 10:59 PM IST

পশ্চিম বিলাসীপাৰা, 6 মাৰ্চ: বিলাসীপাৰাৰ পূৱ সমষ্টি মিত্ৰদল AIUDF ক এৰি দিয়াক লৈ শনিবাৰে বিলাসীপাৰাৰ ৰাজীৱ ভৱনত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয় ৷ বিলাসীপাৰাৰ পূৱ সমষ্টি AIUDF ক এৰি দিয়াক কেন্দ্ৰ কৰি যুৱ কংগ্ৰেছী সকলে বিলাসীপাৰাৰ ৰাজীৱ ভৱনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

কংগ্ৰেছ দলৰ পৰা পূৱ সমষ্টি দাবী কৰি প্ৰতিবাদকাৰী সকলে কংগ্ৰেছ জিন্দবাদ, ৰাহুল গান্ধী জিন্দাবাদ আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছক টিকট প্ৰদান নকৰিলে ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলিও প্ৰতিবাদকাৰী সকলে সকিয়নি প্ৰদান কৰে ৷

উল্লেখ্য যে, বিগত নিৰ্বাচনত বিজেপিৰ অশোক কুমাৰ সিংহীয়ে সমষ্টিটোত 59206 টা ভোট লাভ কৰি বিজয়ী হৈছিল ৷ কংগ্ৰেছৰ অমৃত বাদশ্বাহে ভোট লাভ কৰিছিল 54110 টা আৰু ইয়াৰ বিপৰীতে AIUDF দলৰ মোছলেম উদ্দিন চৌধুৰীয়ে 43213 টা ভোট লাভ কৰিছিল ৷

পূৱ সমষ্টি কংগ্ৰেছক এৰি দিয়াৰ দাবীত যুৱ কংগ্ৰেছীৰ প্ৰতিবাদ

মন কৰিব লগীয়া যে, সমাগত অসম বিধান নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ মাজত আসনৰ ভাগ বাটোৱাৰাক লৈ ৰাজ্যৰ ভিন ভিন প্ৰান্তত দলীয় কৰ্মী সকল অসন্তোষিত হৈ পৰাৰ লগতে কোনো ঠাইত ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটি উত্তপ্ত পৰিস্থিতিৰো উদ্ভৱ হৈছে ৷ বিজেপি, অগপ আৰু ইউপিপিএলৰ মাজত আসনৰ ভাগ বাটোৱাৰাক লৈ ঠায়ে ঠায়ে প্ৰতিবাদ হৈ থকাৰ মাজতে এতিয়া কংগ্ৰেছ আৰু এআইডিইউএফৰ মাজতো আসন ভাগ বাটোৱাৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতে নিৰ্বাচনত কেনে প্ৰভাৱ পেলাই সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: টিকট কেন্দ্ৰীক সংঘাতত উত্তপ্ত হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.