বিলাসীপাৰা, 1 চেপ্তেম্বৰঃ ৰাজ্যত শেহতীয়া বানৰ ধ্বংসলীলাৰ পিছত বিভিন্ন প্ৰান্তত এইবাৰ গৰাখহনীয়াই চলাইছে তাণ্ডৱ ৷ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত কেইবাখনো গাঁৱত গৌৰাং নৈৰ গৰাখহনীয়াই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে ৷ গৌৰাং নৈৰ গৰাখহনীয়াত ইতিমধ্যে জাহ গৈছে মহকুমাটোৰ শ শ বিঘা কৃষি ভূমিৰ লগতে বিদ্যালয় মছজিদ আৰু কেইবাখনো মাদ্ৰাছা ৷ লগতে প্ৰায় 20 খন গাঁৱৰ শ শ কৃষি ভূমি, শিক্ষা প্ৰতিষ্ঠান, ধৰ্মীয় অনুষ্ঠান আদি গৌৰাং নৈৰ গৰাখহনীয়াৰ কবলত পৰি এক প্ৰকাৰৰ নিচিহ্ন হৈ যোৱাৰ উপক্ৰম হৈছে ৷ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰেই ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে ৷
গৰাখহনীয়াৰ তাণ্ডৱ! বিলাসীপাৰাত নিচিহ্ন শ শ বিঘা কৃষি ভূমি - গৌৰাং নৈৰ গৰাখহনীয়াৰ তাণ্ডৱ
বিলাসীপাৰাত গৌৰাং নৈৰ ভয়ংকৰ গৰাখহনীয়া ৷ নিচিহ্ন শ শ বিঘা কৃষি ভূমিৰ লগতে বিদ্যালয় মছজিদ আৰু কেইবাখনো মাদ্ৰাছা ৷ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজৰ অনুৰোধ ৷
বিলাসীপাৰা, 1 চেপ্তেম্বৰঃ ৰাজ্যত শেহতীয়া বানৰ ধ্বংসলীলাৰ পিছত বিভিন্ন প্ৰান্তত এইবাৰ গৰাখহনীয়াই চলাইছে তাণ্ডৱ ৷ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত কেইবাখনো গাঁৱত গৌৰাং নৈৰ গৰাখহনীয়াই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে ৷ গৌৰাং নৈৰ গৰাখহনীয়াত ইতিমধ্যে জাহ গৈছে মহকুমাটোৰ শ শ বিঘা কৃষি ভূমিৰ লগতে বিদ্যালয় মছজিদ আৰু কেইবাখনো মাদ্ৰাছা ৷ লগতে প্ৰায় 20 খন গাঁৱৰ শ শ কৃষি ভূমি, শিক্ষা প্ৰতিষ্ঠান, ধৰ্মীয় অনুষ্ঠান আদি গৌৰাং নৈৰ গৰাখহনীয়াৰ কবলত পৰি এক প্ৰকাৰৰ নিচিহ্ন হৈ যোৱাৰ উপক্ৰম হৈছে ৷ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰেই ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে ৷
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।