ETV Bharat / state

Drive against drugs in Dhubri:ধুবুৰীত ড্ৰাগছ বিৰোধী অভিযানত নামিল সাধাৰণ জনতা - ড্ৰাগছ বেপাৰীৰ আক্ৰমণ

ধুবুৰীত ড্ৰাগছ বিৰোধী অভিযানত নামিল সাধাৰণ জনতা । ড্ৰাগছ বিৰোধী অভিযানৰ সময়ত উত্তেজনা । ড্ৰাগছ বেপাৰীৰ আক্ৰমণৰ বলি সচেতন যুৱক ।

general public drive against drugs in dhubri
ড্ৰাগছ বিৰোধী অভিযান
author img

By

Published : Jul 25, 2023, 6:25 PM IST

ড্ৰাগছ বিৰোধী অভিযান

ধুবুৰী, 25 জুলাই : ধুবুৰীত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে সাধাৰণ জনতা । নিজৰ গাঁওখন ড্ৰাগছ মুক্ত কৰাৰ অভিযান চলাবলৈ গৈ ড্ৰাগছ বেপাৰীৰ আক্ৰমণৰ বলি হ’ল সাধাৰণ জনতা । কথমপি প্ৰাণৰক্ষা কেইবাজনো সচেতন যুৱকৰ ।

নিজৰ গাঁওখন ড্ৰাগছ মুক্ত কৰিবলৈ ধুবুৰীৰ এ.এম.কোঃ ৰোডৰ ভাষানীৰ চৰ অঞ্চলত কেইদিনমান পূৰ্বে গঠন হৈছে ড্ৰাগছ বিৰোধী সমিতি । ড্ৰাগছ মুক্ত এখন সুস্থ সমাজ গঢ়াৰ সংকল্প লৈ ড্ৰাগছ বিৰোধী সমিতিয়ে আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযান । তেনে সময়তে ড্ৰাগছ বিৰোধী সমিতিৰ সচেতন যুৱকৰ দল এটাই ধুবুৰীৰ ভাষানীৰ চৰ গাঁৱৰ কচুমুদ্দিন মোৰত অভিযান চলায় ।

গাঁওখনৰ হানিফ শিকদাৰৰ ঘৰত ড্ৰাগছ সেৱন আৰু ড্ৰাগছ বিক্ৰী কৰাৰ খবৰ পাই যুৱকৰ দলটোৱে হানিফ শিকদাৰৰ ঘৰত উপস্থিত হয় । লগে লগে ড্ৰাগছ সেৱনকাৰী হানিফ শিকদাৰৰ ঘৰৰ গেটখন বন্ধ কৰি সমিতিৰ অভিযানকাৰী যুৱকৰ দলটোক চোকা অস্ত্ৰৰে হত্যা কৰাৰ ভাবুকি প্ৰদানেৰে চিঞৰিবলৈ আৰম্ভ কৰে শিকদাৰে । তৎক্ষণাৎ ঘৰৰ পৰা চোকা অস্ত্ৰ উলিয়াই লৈ ড্ৰাগছ বিৰোধী সমিতিৰ যুৱক নুৰ মহম্মদ আলীক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যাৰ চেষ্টা চলাই শিকদাৰে পলায়ন কৰে ।

মাজ নিশা লগে লগে স্থানীয় ৰাইজ উপস্থিত হয় আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিচত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজে উদ্ধাৰ কৰা কিছু নিষিদ্ধ ড্ৰাগছ আৰু চিৰিঞ্জ জব্দ কৰি আঘাতপ্ৰাপ্ত নুৰ মহম্মদক চিকিৎসাৰ ব্যৱস্থা কৰাৰ বিপৰীতে ড্ৰাগছ বেপাৰী হানিফ শিকদাৰৰ ভাতৃক আটক কৰি থানালৈ লৈ যায় ৷

লক্ষণীয় বিষয় যে, সম্প্ৰতি ভাষানীৰ চৰ অঞ্চলটো সম্পূৰ্ণ ড্ৰাগছ মুক্ত কৰিবলৈ ড্ৰাগছ বিৰোধী সমিতিয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে যদিও বিভিন্ন সময়ত এইদৰে ড্ৰাগছ বেপাৰীৰ দ্বাৰা আক্ৰমণৰ বলি হ’বলগীয়া হৈছে ।

লগতে পঢ়ক : Drugs in Assam: ৰঙিয়াত দহ লক্ষাধিক টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ দুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.