বিলাসীপাৰা,৭আগষ্ট;বিলাসীপাৰা চহৰত বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে শনিবাৰে পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে(Garia maria desijatia parisad protest at Bilashipara in Dhubri)।৫ দফীয়া দাবীৰে বিলাসীপাৰা মূল চহৰৰ গান্ধী চ'কৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এই পদযাত্ৰা ৰূপায়ণ কৰে সংগঠনটোৱে । সংগঠনটোৱে গৰিয়া-মৰিয়া-দেশী সকলক চিনাক্তকৰণৰ বাবে সুকীয়া জৰীপৰ ব্যৱস্থা কৰাৰ দাবী জনায় । তদুপৰি দেশী জনগোষ্ঠীৰ লোকসকলৰ বাবে উন্নয়ন পৰিষদ গঠন কৰিবলৈও চৰকাৰক দাবী জনাই সংগঠনটোৰ নেতাসকলে । অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যদা প্ৰদান কৰাৰো দাবী জনাইছে । আনহাতে, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে বিদেশী গোচৰৰ পৰা মুক্ত কৰাৰো দাবী উত্থাপন কৰিছে । ইপিনে,বিটিআৰত থকা গৰিয়া-মৰিয়া-দেশী সকলক সংৰক্ষিত জনগোষ্ঠী হিচাপে ঘোষণা কৰাৰো দাবী জনায় সংগঠনটোৱে ।
পদযাত্ৰাৰ অন্তত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এই ৫দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে । সংবাদ মাধ্যমত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি শ্বাহনাৱাজ হুছেইনে মাদ্ৰাছা আৰু জেহাদী প্ৰসঙ্গক লৈও বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । আনহাতে,সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকে এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাক তীব্ৰ সমালোচনা কৰি জেহাদীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক কঠোৰৰ পৰা কঠোৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক: APCC team meet governor : ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিলে প্ৰদেশ কংগ্ৰেছে