ETV Bharat / state

ধুবুৰীত আইপিএল ক্ৰিকেটৰ নামত চলিছে জুৱা

author img

By

Published : Sep 22, 2020, 12:23 PM IST

আইপিএলৰ ক্ৰিকেট বুকীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অতৰ্কিত অভিযান ৷ আৰক্ষীয়ে এই অভিযানকালত আটক কৰে নুৰ আলম,মমিনুৰ হক,মতিবৰ ৰহমান নামৰ তিনিগৰাকী ক্ৰিকেট বুকীৰ লগতে উদ্ধাৰ কৰে কিছু আপত্তিজনক সামগ্ৰী ৷

Gambling is going on in the name of IPL cricket in Dhubri assam etv bharat news
আপত্তিজনক সামগ্ৰী উদ্ধাৰ

ধুবুৰী,22 চেপ্তেম্বৰ: আৰম্ভ হৈছে বহুচৰ্চিত আইপিএলৰ ত্ৰয়োদশ সংখ্যক ক্ৰিকেট মেচসমূহ ৷ আইপিএলক কেন্দ্ৰ কৰি ভিন্ন প্ৰান্তত আৰম্ভ হৈছে জুৱাৰ এক বৃহৎ বজাৰ ৷ এই জুৱাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ তথ্যৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে তিনিগৰাকী বুকীক ৷ জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীয়ে সোমবাৰে নিশা গোলকগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱত এক অভিযান চলায় ৷

Gambling is going on in the name of IPL cricket in Dhubri assam etv bharat news
ক্ৰিকেট বুকী আটক

আৰক্ষীয়ে এই অভিযানকালত আটক কৰে নুৰ আলম,মমিনুৰ হক, মতিবৰ ৰহমান নামৰ তিনিগৰাকী ক্ৰিকেট বুকী ৷ আইপিএল ক্ৰিকেট আৰম্ভ হোৱাৰ লগে লগে ম’বাইলত এক বিশেষ এপৰ জৰিয়তে অনলাইন প্ৰক্ৰিয়াৰে আৰম্ভ হয় লক্ষাধিক টকাৰ জুৱা ৷ সম্প্ৰতি এনে তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ক্ৰিকেট বুকীসমূহৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷

লগতে চাওকঃ তীব্ৰ বেগী বাহনে মহতিয়ালে পথচাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.