ETV Bharat / state

তামাৰহাটত আটক ৭ জুৱাৰী

author img

By

Published : May 27, 2021, 9:07 PM IST

পাগলাহাটত আৰক্ষীয়ে বুধবাৰে নিশা আটক কৰে সাতজনকৈ জুৱাৰী । আটাইকেইজনকে জুৱা খেলি থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে । জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে ম'বাইলসহ নগদ ধন আৰু জুৱাৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ।

gambler arrest
তামাৰহাটত আটক ৭ জুৱাৰী

ধুবুৰী,২৭ মে': ধুবুৰী জিলাৰ তামাৰহাটৰ পাগলাহাটত আৰক্ষীয়ে বুধবাৰে নিশা আটক কৰে সাতজনকৈ জুৱাৰী । নিশা এক গোপন সূত্ৰৰ পমখেদি দক্ষিণ কাচাখানাৰ পূৰ্ণী আৰু বৰ চৰাইখোলা গাঁৱত অভিযান চলাই জুৱাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয় পাগলাহাট আৰক্ষী ।

ধৃত জুৱাৰী কেইজন ক্ৰমে দক্ষিণ কাচখানা গাঁৱৰ অধীৰ ৰয়, চন্দন মালি, বাবলা ৰয়, হোছেন আলী, নৰেন্দ্ৰ নাথ ৰায়, পূৰ্ণী গাঁৱৰ মনোজ কুমাৰ ৰায় আৰু বৰ চলাইখোৱা গাঁৱৰ পৰিমল চন্দ্ৰ বৰ্মন । আটাইকেইজনকে জুৱা খেলি থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে । জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে ম'বাইলসহ নগদ ধন আৰু জুৱাৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰখাৰ পিছতো জুৱাৰী চক্ৰটোৱে আৰক্ষীৰ চকু ধুলি দি অঞ্চলটোত দীৰ্ঘদিনৰ‌‌ পৰা জুৱা খেল অব্যাহত ৰাখিছিল । জুৱাৰী কেইটাক বৃহস্পতিবাৰে ধুবুৰী জেললৈ প্ৰৰণ কৰে ।

লগতে পঢ়ক:মাঞ্জাত জব্দ 22 টাকৈ নথি-পত্ৰবিহীন চিলিণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.