ETV Bharat / state

বিলাসীপাৰাত আ-অলংকাৰসহ আৰক্ষীৰ জালত 4 চোৰ

author img

By

Published : Apr 19, 2021, 5:40 PM IST

বিলাসীপাৰাত আৰক্ষীৰ অভিযানত সোমবাৰে আটক হৈছে চাৰিটা দুৰ্ধৰ্ষ চোৰ ৷ আৰক্ষীয়ে চোৰ কেইটাৰ পৰা উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰ ৷

Four theif arrested in Bilashipara
বিলাসীপাৰাত আ-অলংকাৰসহ আৰক্ষীৰ জালত 4 চোৰ

পশ্চিম বিলাসীপাৰা,19 এপ্ৰিল: বিলাসীপাৰাত আৰক্ষীৰ জালত পৰিছে ডেৰ লক্ষাধিক টকা মূল্যৰ সোণ-ৰূপৰ আ-অলংকাৰসহ চাৰিটা দুৰ্ধৰ্ষ চোৰ ৷ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত সূৰ্যখাতা ২ নং ৱাৰ্ডৰ বাসিন্দা তথা কনিষ্ঠ অভিযন্তা আব্দুছ ছাত্তাৰৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলটোৱে চুৰি কাৰ্য সংঘটিত কৰি লুটি নিয়ে সোণ-ৰূপৰ আ-অলংকাৰ ৷

এই ঘটনাৰ পাছতে ভুক্তভোগীয়ে দিয়া এজাহাৰৰ ভিত্তিত বিলাসীপাৰা আৰক্ষীয়ে চোৰৰ সন্ধানত চলাইছিল অভিযান ৷ অৱশেষত সোমবাৰে বিলাসীপাৰা থানাৰ আৰক্ষীয়ে অভিযান চলাই চুৰি হোৱা সামগ্ৰীখিনি উদ্ধাৰ কৰাৰ লগতে আটক কৰে ঘটনাৰে জড়িত তিনিজন লোকক ৷ আটকাধীন চোৰকেইটা ক্ৰমে সূৰ্যখাতা ২নং ৱাৰ্ডৰ কেয়ামুদ্দিন আলী(২৩), ইছলাম হক(৩২), বাঙালীপাৰাৰ নুৰ আমিন(২৪) আৰু কোকৰাঝাৰ গুটিৰপাৰাৰ নবিউল ইছলাম (২২) বুলি জানিব পৰা গৈছে ৷

ইফালে আৰক্ষীৰ মতে উক্ত ঘটনাৰ সৈতে আৰু লোক জড়িত হোৱাৰ সম্ভাৱনা আছে ৷ আৰক্ষীয়ে বৰ্তমানে লোক কেইজনক সোধ-পোছ অব্যাহত ৰাখি চলাই গৈছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ৷

লগতে পঢ়ক: অশ্ৰুসিক্ত নয়নেৰে ডাঃ ভূমিধৰ বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি গুণমুগ্ধৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.