বিলাসীপাৰা,1 জানুৱাৰী : বিলাসীপাৰাত স্থাপন কৰা হ'ল আধাৰশিলা ৷ ২০১৯/২০ বর্ষৰ SOPD-FOR আঁচনিৰ অধীনত বিলাসীপাৰা আমদানি ঘাটৰ পৰা কাঠালদি লৈ যোৱা পথ মেৰামতিৰ বাবে স্থাপন কৰে আধাৰশিলা ৷ মঙলবাৰে বিয়লি বিলাসীপাৰাৰ পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে স্থাপন কৰে আধাৰশিলা। বহু দিনৰ পৰা পথটো মেৰামতিৰ অভাৱত আৰু বানে বিধ্বস্ত কৰা পথটোৰ পৰা ৰাইজে ভুগিছে যমৰ যাতনা। পথ মেৰামতিৰ বাবে আবন্টিত ৪২,৯০ লাখ টকাৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে ৷
আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ৰ মন্তব্য সমষ্টিটোৰ উন্নয়ন তেখেতৰ এটা বহু পুৰণি সপোন। সেই উদ্দেশ্য আগত ৰাখি নিজৰ সমষ্টিৰ বাবে ৰাজ্য চৰকাৰৰ পৰা মুঠ ২৫ কোটি আদায় লবলৈ সক্ষম হয়। গাঁৱৰ পৰা চহৰলৈকে সৰ্বত্ৰে উন্নয়ন কৰি বিলাসীপাৰা চহৰ খনক এখন আদৰ্শ চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা দিনে নিশাই চলাইছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ উক্ত অনুষ্ঠানটোত বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি মৃদুল যাদৱ,মহকুমাৰ টেটোৰিয়াল পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ছিদ্দিকুৰ ৰহমান প্ৰমুখ্য বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
আৰু পঢ়ক : বিলাসীপাৰাত এ বি এমছু আৰু আমছুৰ চি(এ)এ বিৰোধী প্ৰতিবাদ