ETV Bharat / state

ধুবুৰীত আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি - corruption

প্ৰায় এবছৰৰ আগতে স্থাপন কৰা এখন আধাৰশিলা ৷ আধাৰশিলাৰ ফলকত উল্লেখ নাই আঁচনিৰ কোনো তথ্য ৷ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ চাৰিসীমাৰ বেৰ নিৰ্মাণ কৰিবলৈ স্থাপন কৰা এই আধাৰশিলা এবছৰ ধৰি তেনেদৰেই পৰি ৰ’ল ৷ আজিলৈকে ৰাইজৰ দৃষ্টিগোচৰ নহ’ল খেলপথাৰৰ বেৰ নিৰ্মাণৰ কাম ৷

etv bharat
author img

By

Published : Jun 20, 2019, 7:04 PM IST

Updated : Jun 20, 2019, 10:08 PM IST

ধুবুৰী, 20 জুন: বিগত বৰ্ষৰ পাঁচ আগষ্টত ধুবুৰীত স্থাপন কৰা হয় এটা আধাৰশিলা ৷ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ চাৰিসীমা বেৰ নিৰ্মাণৰ বাবে আধাৰশিলাটো স্থাপন কৰে ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে ৷ পিছে আচৰিত কথা আধাৰশিলাটোত উল্লেখ নাই আঁচনিখনৰ বিতং তথ্য ৷ আধাৰশিলাৰ ফলক প্ৰত্যক্ষ কৰি বিবুদ্ধিত পৰে স্থানীয় ৰাইজ ৷

Etv bharat
তথ্য সম্বলিত নকৰাকৈ স্থাপিত আধাৰশিলাৰ ফলক

সম্প্ৰতি, সেই আধাৰশিলা স্থাপন কৰা প্ৰায় এবছৰ হ’বৰ হ’ল ৷ ঠিকাদাৰেও কামৰ প্ৰায় বিশ শতাংশ সম্পূৰ্ণ কৰি গা-এৰা দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ আধাৰশিলা স্থাপনৰ দিনাৰ পৰা এই পৰ্যন্ত স্থানীয় ৰাইজো বিবুদ্ধিতে থাকিল ৷ আধাৰশিলাৰ নাম ফলকত কোন আঁচনিৰ শিতানত কিমান টকা ব্যয় কৰা হৈছে অথবা কিমান দিনৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব সেই কথা এতিয়াও স্পষ্ট নহ’ল ৰাইজৰ ৷ এনেধৰণৰ আজৱ কাণ্ডৰ বাবে এতিয়া জিলা প্ৰশাসনৰ পৰা উত্তৰ বিচাৰিছে ৰাইজে ৷

ধুবুৰীত আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি

ৰাইজৰ প্ৰশ্ন, কি কাৰণত ৰাইজৰ পৰা গোপনে ৰাখিবলৈ চেষ্টা কৰা হৈছে আঁচনিৰ তথ্য? কোনখন আঁচনি শিতানৰ পৰা কিমান টকাৰ ব্যয় সাপেক্ষে কৰা হৈছে এই কাম ? লগতে, নাম ফলকত টকা উল্লেখ নকৰাকৈ এই কামৰ জৰিয়তে লাখ লাখ টকা হৰলুকী ষড়যন্ত্ৰ কৰিছে নেকি জিলা উপায়ুক্তই ? এই সকলোবোৰ প্ৰশ্ন অতি শীঘ্ৰে স্পষ্ট কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷

Intro: ধুবুৰীত আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি। নাম ফলকত টকা আৰু আঁচনিৰ নাম উল্লেখ নকৰাকৈ ৰহস্যজনক স্থিতিৰে ধুবুৰীত ৰূপায়ন হৈ আছে এখন আঁচনি।

Body: প্ৰথমতে এই নাম ফলক খনলৈ মন কৰক। যোৱা বৰ্ষৰ পাঁচ আগষ্টত ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এইখন আধাৰশিলা স্থাপন কৰি প্ৰমথেছ চন্দ্ৰ বৰুৱা খেল পথাৰৰ চাৰিসীমা বেৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে। তাৰ পিছতে আৰম্ভ কৰা হয় নিৰ্মাণ কাৰ্য্য। বিগত এটা বছৰে মাত্ৰ প্ৰায় বিশ শতাংশ মান কাম কৰাৰ পিছত বন্ধ হৈ আছে নির্মাণ কাৰ্য্য। কিন্তু এই নাম ফলক প্ৰত্যক্ষ কৰি ধুবুৰীৰ সাধাৰণ ৰাইজ স্তম্ভিত হৈছে। কিয়নো এখন চৰকাৰী আঁচনি ৰূপায়ন হোৱাৰ পূৰ্বে স্থাপন কৰা আধাৰশিলাৰ নাম ফলকত কোন আঁচনিৰ শিতানত কিমান টকা ব্যয় কৰা হব আৰু কিমান দিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰা হব সেই কথা স্পষ্টকৈ উল্লেখ থাকে। কিন্তু ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে স্থাপন কৰা এইখন আধাৰশিলা নাম ফলকত ৰহস্যজনক ভাবে উল্লেখ কৰা নহল আঁচনিৰ তথ্য। একপ্ৰকাৰ ৰাইজক অন্ধকাৰত ৰাখি গোপন কৰাৰ চেষ্টা কৰা হৈছে কামটোৰ সকলো তথ্য।
জানিব পৰা মতে, এই চাৰি সীমা বেৰ নিৰ্মাণৰ নামত ইতিমধ্যে কেইবালাখ টকা ব্যয় কৰা হৈছে। যদিওঁ কোন আঁচনি বা কোন আঁচনিৰ শিতানৰ পৰা এই কামখিনি কৰা হৈছে আৰু কিমান টকাৰ আঁচনি। সেই তথ্য ৰাজহুৱা কৰাৰ বাবে ধুবুৰীৰ ৰাইজে দাবী উত্থাপন কৰিছে।

Conclusion: উল্লেখযোগ্য যে, নাম ফলকত টকা উল্লেখ নকৰাকৈ এই কামৰ জৰিয়তে লাখ লাখ টকা হৰলুকী ষড়যন্ত্ৰ কৰিছে নেকি জিলা উপায়ুক্তই। সেয়াই কিন্তু এক বৃহৎ প্ৰশ্ন।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Jun 20, 2019, 10:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.