ETV Bharat / state

ধুবুৰীৰ বালি ছিণ্ডিকেটৰ বাবে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে - বন ছিণ্ডিকেট

ধুবুৰী জিলাত একাংশ দালাল শ্ৰেণীৰ লোকে আজি অব্যাহত ৰাখিছে বন ছিণ্ডিকেট ৷ কিয়নো ধুবুৰীৰ চৌমোৰ অঞ্চলত স্থানীয় লোকে কেইবাখনো নথিবিহীন ভাৱে বালিমাটি কঢ়িওৱা ডাম্পা আটক কৰি স্থানীয় আৰক্ষীক গতাই দিয়ে।

As_dhb_02_11feb_forest_syndicate_vis+byte_as10041
ধুবুৰীৰ বালি ছিণ্ডিকেটৰ বাবে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে
author img

By

Published : Feb 11, 2021, 10:41 PM IST

Updated : Feb 12, 2021, 9:18 AM IST

ধুবুৰী, 11 ফেব্ৰুৱাৰী : কোটি কোটি ৰাজহ ফাকিৰে ধুবুৰী জিলাত একাংশ দালাল শ্ৰেণীৰ লোকে আজি অব্যাহত ৰাখিছে বন ছিণ্ডিকেট ৷ একাংশ লোকৰ অভিযোগ অনুসৰি ধুবুৰী জিলাৰ কেইবাটাও অঞ্চলত একাংশ মহলদাৰী আৰু দালাল শ্ৰেণীৰ লোকে বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সৈতে মিতিৰালি কৰি চলাই গৈছে এই বন ছিণ্ডিকেট।

As_dhb_02_11feb_forest_syndicate_vis+byte_as10041
ধুবুৰীৰ বালি ছিণ্ডিকেটৰ বাবে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে

সেই অনুসৰি যোৱা নিশা ধুবুৰীৰ চৌমোৰ অঞ্চলত স্থানীয় লোকে কেইবাখনো নথিবিহীন ভাৱে বালিমাটি কঢ়িওৱা ডাম্পা আটক কৰি স্থানীয় আৰক্ষীক গতাই দিয়ে। স্থানীয় লোক সকলে অভিযোগ উত্থাপন কৰি এই বিষয়ত কয় যে, ব্ৰহ্মপুত্ৰ কাষৰীয়া চৌমোৰ অঞ্চলত দীৰ্ঘদিনৰ পৰা বালি মহলৰ ভুৱা চালানেৰে শ শ কোটি টকাৰ ৰাজহ ফাকিৰে ডাম্পাৰে বালি সৰবৰাহ হৈ আছে ৷

ইফালে আন একাংশ লোকৰ অভিযোগ অনুসৰি ধুবুৰী মেডিকেল কলেজৰ নিৰ্মাণত প্ৰয়োজনীয় মাটি যোগানৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ পৰা স্থানীয় এটা বালিমাটিৰ মহলে অনুমতি লাভ কৰিছিল ৷ কিন্তু এই বালি মহলটোৰ পৰা ভূৱা চালানেৰে একাংশ দালালে বালি মাটি অন্য ঠাইত যোগান ধৰি আহিছে ৷ অৰ্থাৎ উক্ত বালি মহলটোৰ নামত একাংশ দালালে ভূৱা চালান দেখুৱাই চৰকাৰক ৰাজহ ফাকি দি আহিছে ৷ ৰাইজৰ অভিযোগৰ ভিত্তি ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত কৰিছে ৷

লগতে পঢ়ক:নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ

Last Updated : Feb 12, 2021, 9:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.