বিলাসীপাৰা, 12 ছেপ্তেম্বৰঃ বিলাসীপাৰাৰ আলুপাৰাত শুকুৰবাৰে নিশা বন বিভাগে অভিযান চলাই চাৰিখন চোৰাং কাঠ ভৰ্তি ঘোঁৰাৰ গাড়ী জব্দ কৰে ৷ খোৰাঘাট আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান ৷ বগৰীবাৰী আৰক্ষীৰ সহযোগত চলোৱা অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠৰ কুণ্ডা ৷
অৱশ্যে বন বিভাগ আৰু আৰক্ষীৰ উপস্থিতিৰ খবৰ পাই পলায়ন কৰে চোৰাং কাঠ বেপাৰী ৷ জব্দ কৰা কাঠ খিনিৰ আনুমানিক বজাৰৰ মূল্য প্ৰায় লক্ষাধিক হ'ব । জব্দ কৰা কাঠখিনি গোলাঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ।