ETV Bharat / state

চাপৰত বানাক্ৰান্তক সাহায্য কংগ্ৰেছীৰ

author img

By

Published : Jul 29, 2020, 8:07 PM IST

এফালে সন্মুখত ঈদ,আনফালে শিবিৰত থকা মুছলমান সম্প্ৰদায়ৰ বানাক্ৰান্ত লোক সকলৰ মাজত এমুঠি অন্নৰ বাবে লাগিছে হাহাকাৰ । এই সকল বানাক্ৰান্তক কিছু পৰিমাণে সাহায্য প্ৰদানেৰে সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে বানাক্ৰান্তৰ কাষ চাপিছে চাপৰৰ যুৱ নেতা নুৰ ছফিকুল ওৱাজিদ ।

flood relief to villagers by youth leaders at chapar
চাপৰত বানাক্ৰান্তক সাহায্য সামগ্ৰী বিলালে কংগ্ৰেছী যুৱ নেতাই

পূৱ বিলাসীপাৰা,২৯ জুলাই: ভয়াৱহ বানে সৰ্বস্বান্ত কৰিছে সমগ্ৰ ৰাজ্যবাসীক । শেহতীয়া ভাৱে পশ্চিম অসমত এপষেকত সংঘটিত হৈছে তিনিটাকৈ বানৰ তাণ্ডৱ । বিশেষকৈ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ, চম্পাৱতী,আদি নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে শ শ গাঁও । বিভিন্ন আশ্ৰয় শিবিৰত অনাহাৰে পাৰ কৰিছে একাংশ বানাক্ৰান্তই ।

শেহতীয়াকৈ যোৱা দুটা দিনত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বৰ্তমানলৈকে নিজ ঘৰখনলৈ উভতি যাব পৰা নাই এইসকল বানাক্ৰান্ত ।

ভয়াৱহ বানে জুৰুলা কৰা এইসকল বানাক্ৰান্তৰ অৱস্থাৰ বুজ লোৱাৰ লগতে সাহায্য সামগ্ৰী বিতৰণৰ উদ্দেশ্যে চাপৰৰ বিভিন্ন অঞ্চলত উপস্থিত হয়গৈ নুৰ ছফিকুল ওৱাজিদৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ এটি দল ।

অসম যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নুৰ ছফিকুল ওৱাজিদৰ নেতৃত্বত যোৱা দলটোৱে চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰী, ফেনাইল,ছেনিটাইজাৰ আদি বিতৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.