ETV Bharat / state

Flood in Dhuburi: ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচলত নিষেধাজ্ঞা জাৰি

author img

By

Published : Jun 16, 2022, 10:56 PM IST

ধুবুৰীত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলৰাশি বিপদ সীমাৰ ওপৰেৰে বৈছে (Brahmaputra crosses danger level mark in Dhuburi)। যাৰ ফলত জৰুৰীকালিন সেৱাৰ বাহিৰে নদী পথত নাও, লঞ্চ, ফেৰী অথবা জাহাজ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ধুবুৰী জিলা প্ৰশাসনে ।

Flood in Dhuburi
ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচলত নিষেধাজ্ঞা জাৰি

ধুবুৰী, 16 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ সদৰ চহৰকে ধৰি বিভিন্ন অঞ্চল এতিয়া বুৰ গৈছে পানীৰ তলত (Flood in Dhuburi) ৷ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ বিভিন্ন উপনৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে ৷ বিভিন্ন নৈ জলস্তৰ এতিয়া বিপদ সীমাৰ ওপৰেৰে বৈছে (Brahmaputra crosses danger level mark in Dhuburi) ৷ যাৰ পৰিপেক্ষিতত ধুবুৰী জিলা উপায়ুক্ত তথা ধুবুৰী জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষ আন্বামুথন এম পিয়ে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা ।

সেই নিৰ্দেশনা অনুসৰি, দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ৰাজহুৱা স্বাৰ্থত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত সকলো ধৰণৰ নাও, লঞ্চ অথবা ফেৰী চলাচলত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ অৱশ্যে এই ক্ষেত্ৰত জৰুৰীকালিন সেৱা বা সাহায্য আৰু উদ্ধাৰ অভিযানত ব্যৱহৃত নাও বা জাহাজক ৰেহাই প্ৰদান কৰা হৈছে ৷

ইপিনে ধুবুৰী সদৰ চহৰৰ আঠ, ন, দহ, বাৰ, তেৰ, চৈধ্য আৰু পোন্ধৰ নম্বৰ ৱাৰ্ডত কৃত্ৰিম বানে এক ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ ধুবুৰী জিলা কাৰাগাৰ, ধুবুৰী বাছ আস্থান, ধুবুৰীৰ শান্তি নগৰ আৰু ইন্দিৰা গান্ধী পথৰ বৃহত্তৰ অঞ্চলত যোৱা প্ৰায় দহ দিনৰ পৰাই এক অৱৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে ।

ইপিনে কৃত্ৰিম বানে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ধুবুৰী আৰক্ষী আৱাসস্থল এলেকাতো । শতাধিক আৰক্ষী পৰিয়াল বসবাস কৰা আৰক্ষী আৱাসস্থলত বিগত প্ৰায় এক সপ্তাহে পানী সোমাই যোৱাৰ ফলত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে । বহু আৰক্ষী পৰিয়ালে এৰিছে ঘৰ বাৰী । একাংশ পৰিয়ালে বানৰ মাজতো আৱাসগৃহত থাকি বহু কষ্টেৰে পালন কৰি গৈছে নিজৰ কৰ্তব্য ।

আনহাতে, বৰষুণৰ মাজতো যুদ্ধংদেহী তৎপৰতাৰে জাৱৰ নিষ্কাশন আৰু নলা বেদখলমুক্ত অভিযানত নিজেই নামি পৰিছে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকী । ধুবুৰী চহৰৰ বিভিন্ন নলা নৰ্দমাত জাৱৰ পেলাই বন্ধ কৰাৰ বিপৰীতে একাংশ লোকে নলা নৰ্দমা দখল কৰি নিৰ্মাণ কৰিছে ঘৰ দুৱাৰ । সেয়ে ধুবুৰী চহৰৰ প্ৰতিটো স্থানত নলা নৰ্দমাৰ বেদখল মুক্ত কৰাৰ অভিযান চলিব বুলি উল্লেখ কৰে উপায়ুক্ত আন্বামুথন এম পিয়ে ।

লগতে পঢ়ক : Flood in Biswanath : জৰাসৰ নৈ বাঢ়নি পানীৰ তলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.