ETV Bharat / state

চাপৰৰ মুকলি নিলাম ঘৰত ভয়াৱহ অগ্নি কাণ্ড

author img

By

Published : Jan 18, 2021, 6:41 PM IST

পূৱ বিলাসীপাৰাৰ চাপৰৰ সাপ্তাহিক মুকলি নিলাম ঘৰত সোমবাৰে বিয়লি সংঘটিত হয় এক ভয়াবহ অগ্নি কাণ্ডৰ ঘটনা ৷ জুইৰ লেলিহান শিখাত নিমিষতে জাহ যায় প্ৰায় আঠ লক্ষাধিক টকাৰ মৰাপাট । আনোৱাৰ হুছেইন নামৰ ব্যৱসায়ীৰ মৰাপাটৰ দমত সূত্ৰপাত হয় অগ্নি কাণ্ড ৷ অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

পূৱ বিলাসীপাৰা চাপৰৰ মুকলি নিলাম ঘৰত ভয়াবহ অগ্নি কাণ্ড

পূৱ বিলাসীপাৰা, 18 জানুৱাৰী : পূৱ বিলাসীপাৰাৰ চাপৰৰ সাপ্তাহিক মুকলি নিলাম ঘৰত সোমবাৰে বিয়লি সংঘটিত হয় এক ভয়াবহ অগ্নি কাণ্ডৰ ঘটনা ৷ আনোৱাৰ হুছেইন নামৰ ব্যৱসায়ী এগৰাকীৰ মৰাপাটৰ দমত সূত্ৰপাত হয় অগ্নি কাণ্ড । জুইৰ লেলিহান শিখাত নিমিষতে জাহ যায় প্ৰায় আঠ লক্ষাধিক টকাৰ মৰাপাট ।

আনহাতে সোমবাৰে চাপৰৰ সাপ্তাহিক বজাৰ হোৱা হেতুকে উক্ত স্থানত মজুত আছিল বিভিন্ন ব্যৱসায়ীৰ কেবা লাখ টকাৰ মৰাপাটকে ধৰি অন্যান্য কৃষিজাত সামগ্ৰী । ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । যাৰ ফলত কথমপি ৰক্ষা পৰে লাখ টকাৰ কৃষিজাত সামগ্ৰী ।

লগতে পঢ়ক : নগাঁও আৰক্ষীৰ জালত চাৰিজনকৈ ভুৱা স্বাস্থ্য বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.