বাক্সা,1 জানুৱাৰীঃ বছৰৰ অন্তিমটো দিনত ৰাজ্যত সংঘটিত হয় দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত বাক্সাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ জিলাখনৰ তামুলপুৰ মহকুমাৰ মতিগাওঁত মঙলবাৰে সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ড ৷ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত গাওঁখনত সূৰ্য্য বৰ্মন নামৰ পৰিয়ালটোৰ বাসগৃহ সম্পূৰ্ণৰূপে অগ্নিত ভস্মীভূত হয় । দিনৰ প্ৰায় ১ বজাত বৰ্মনৰ ঘৰত জুইৰ সূত্ৰপাত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত বাসগৃহৰ লগতে ঘৰৰ আচবাবসমূহ ভস্মীভূত হয় ।
ঘটনাতো সংঘটিত হোৱা সময়ত বৰ্মনৰ ঘৰত কোনো মানুহ উপস্থিত নাছিল ৷ পিছত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অগ্নি নিৰ্বাপন কৰা হয় ৷ অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
ইপিনে বিলাসীপাৰাতো সংঘটিত হয় অগ্নিকাণ্ড ৷ মঙলবাৰে বিলাসীপাৰাৰ নিকটৱৰ্তী লক্ষীগঞ্জৰ চিনামাৰীৰ দ্বিতীয় খণ্ড গাওঁৰ জুব্বাৰ আলীৰ ঘৰত এই ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত চাৰিটাকৈ ঘৰৰ লগতে ভঁৰালসহ প্ৰয়োজনীয় নথিপত্ৰও সম্পূৰ্ণৰূপে জুইত জাহ যায় । জুব্বাৰ আলীৰ চুবুৰীয়া লালচান আলী আৰু ফুলচান আলীৰ ঘৰলৈকে বিয়পি পৰে জুই ৷
অগ্নিকাণ্ডটোত আনুমানিক আঠ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয় । অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ কাৰণ স্পষ্ট হোৱা নাই । স্থানীয় ৰাইজে লক্ষীগঞ্জ আৰক্ষীৰ সহায়ত এই জুই নুমুৱাবলৈ সক্ষম হয় ।
লগতে চাওকঃবিদায়ী বছৰটোত হাতী-মানুহৰ সংঘাত