ধুবুৰী, 27 আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এনআৰচি) চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাত্ৰ তিনিটা দিন বাকী ৷ এক ঐতিহাসিক ক্ষণৰ বাবে অপেক্ষাৰত হৈ আছে সমগ্ৰ অসমবাসী ৷ ৩১ আগষ্টত প্ৰকাশ পাব লগা এনআৰচি লৈ চিন্তিত হৈ পৰিছে একাংশ ৰাইজ ৷ ইয়াৰ মাজতে ধুবুৰী জিলাৰ সচেতন মহলে মন্তব্য কৰিছে যে, প্ৰকৃত ভাৰতীয়ৰ নাম এনআৰচিত প্ৰকাশ পাব ৷
ইপিনে, এনআৰচি লৈ চ'ছিয়েল মিডিয়াত একাংশ চক্ৰই চলাই অহা অপপ্ৰচাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাধাৰণ ৰাইজে ৷ অপপ্ৰচাৰক গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে এই সকল নাগৰিকে ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাবাসীয়েও বিচাৰিছে এখন বিদেশীমুক্ত শুদ্ধ এনআৰচি ।