ধুবুৰী, 23 এপ্ৰিল: লক ডাউনৰ বাবে দেশজুৰি ব্যাহত হৈ পৰিছে স্বাভাৱিক জন জীৱন ৷ দেশৰ প্ৰায় সকলো জনসাধাৰণেই ইয়াৰ ফলত কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে যদিও বিশেষ ভাৱে ক্ষতিগ্ৰস্ত হৈছে দেশৰ কৃষকসকল ৷ লক ডাউনৰ ফলত বজাৰত উৎপাদিত শস্য বিক্ৰী কৰিব নোৱাৰি মূৰে কপালে হাত দিছে মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৰ বহু কৃষকে ৷ উল্লেখ্য যে লক ডাউনৰ বাবে বজাৰলৈ উলিয়াই দিব নোৱাৰা বাবেই খেতি পথাৰতে বিনষ্ট হ'বলৈ ধৰিছে উৎপাদিত বেঙেনা,জলকীয়া,কোমোৰা,বিলাহী,বন্ধা কবি,জিকা,তিয়ঁহ,ৰঙালাওকে ধৰি বিভিন্ন শাক-পাচলি ৷ যাৰ বাবে তীব্ৰ অৰ্থ সংকটত ভোগাৰ লগতে বিমোৰত পৰিছে কৃষকসকল ৷ এই সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ এতিয়া চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে কৃষকসকলে ৷
উল্লেখ্য যে,কৃষকৰ উৎপাদিত ফচল বিক্ৰীৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ হাতত লোৱা বুলি কৃষি মন্ত্ৰী অতুল বৰাই ঘোষণা কৰাৰ সময়তে কৃষকৰ খেতি পথাৰত অনিষ্ট হৈছে লাখ লাখ টকাৰ উৎপাদিত শাক পাচলি ৷ এই সন্দৰ্ভত চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব লাগিব এই সকল কৃষক ৷
লগতে পঢ়কঃ কোৱাৰেন্টাইনত থকা কোনো লোকলৈ ভয় নকৰিবঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা