ETV Bharat / state

চাপৰৰ উচ্ছেদিত পৰিয়ালে পাব মাটিৰ পট্টাঃ অশোক কুমাৰ সিংহী - ৰন্ধন সামগ্ৰী

চাপৰৰ আৰেয়াঝাৰৰ উচ্ছেদিত পৰিয়ালক প্ৰদান কৰা হ'ব ভূমি । 2001 চনৰ ভোটাৰ তালিকাত নাম থকা সকলো উচ্ছেদিত পৰিয়ালে লাভ কৰিব মাটিৰ পট্টা ৷ বুধবাৰে পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী উপস্থিত হৈ এই মন্তব্য প্ৰদান কৰিলে ৷

Eviction in Bilashipara, many more familes rendered homeless in Bilashipara Chapar
চাপৰৰ উচ্ছেদিত পৰিয়ালে পাব মাটিৰ পট্টাঃ অশোক কুমাৰ সিংহী
author img

By

Published : Sep 10, 2020, 3:55 PM IST

পূৱ বিলাসীপাৰা, 10 ছেপ্তেম্বৰ : পূৱ বিলাসীপাৰাৰ চাপৰৰ আৰেয়াঝাৰৰ উচ্ছেদিত পৰিয়ালক প্ৰদান কৰা হ'ব ভূমি । 2001 চনৰ ভোটাৰ তালিকাত নাম থকা সকলো উচ্ছেদিত পৰিয়ালে লাভ কৰিব মাটিৰ পট্টা ৷ উচ্ছেদিত ৰাইজৰ কাষত থিয় হৈ আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে সমষ্টিটোৰ বিধায়ক অশোক সিংহীয়ে ৷

চাপৰৰ উচ্ছেদিত পৰিয়ালে পাব মাটিৰ পট্টাঃ অশোক কুমাৰ সিংহী

উল্লেখ্য যে,পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ আৰেয়াঝাৰ সংৰক্ষিত বনাঞ্চলত বসবাস কৰি আছিল মুঠ 43 টা পৰিয়াল । প্ৰায় 25 বছৰ ধৰি অবৈধভাৱে বনাঞ্চলৰ ভূমি বেদখল কৰি বসবাস কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল এই সকল লোকৰ বিৰুদ্ধে ৷ যাৰ বাবে প্ৰায় 15 দিন পূৰ্বে প্ৰশাসনৰ সহযোগত বন বিভাগে উচ্ছেদ অভিযান চলাইছিল উক্ত অঞ্চলত ৷

আনহাতে,বুধবাৰে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী উপস্থিত হয় উচ্ছেদিত পৰিয়াল কেইটাৰ কাষত। বিধায়ক গৰাকীয়ে পৰিয়াল কেইটাৰ মাজত ৰন্ধন সামগ্ৰী বিতৰণ কৰাৰ লগতে 2001 চনত ধুবুৰী জিলাৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট থকা উচ্ছেদিত পৰিয়াল সমূহক ভূমি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক : মাতাল যুৱকে অপদস্থ কৰিলে ক’ভিড চেন্টাৰৰ স্বাস্থ্য কৰ্মীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.