ধুবুৰী, ২৭ ফেব্ৰুৱাৰী : শুকুৰবাৰে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাচতে সক্ৰিয় হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন । ৰাজ্যৰ জিলাই জিলাই ৰাজনৈতিক দলৰ প্ৰচাৰৰ বাবে লগোৱা পোষ্টাৰসমূহ নিৰ্বাচনী আচৰণ বিধি মানি নিৰ্বাচনী আয়োগৰ নিৰ্দেশ মৰ্মে আঁতৰ কৰা হৈছে । ধুবুৰী জিলাতো প্ৰশাসনে এফালৰ পৰা আঁতৰাই গৈছে চৰকাৰী আঁচনিৰ পোষ্টাৰ, হৰ্ডিং, বেনাৰসমূহ ।
জিলাখনৰ ৰাজহুৱা স্থানত থকা বিভিন্ন ৰাজনৈতিক দলৰ বেনাৰ পোষ্টাৰৰ উপৰিও ৰাজনৈতিক নেতাৰ ফটো সম্বলিত চৰকাৰী বিভিন্ন আঁচনিৰ বেনাৰ হৰ্ডিং আদি আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । শনিবাৰৰ পৰা অহা তিনি দিনৰ ভিতৰত জিলাখনৰ প্ৰতিটো প্ৰান্তৰ বেনাৰ পোষ্টাৰ, দলীয় পতাকা, চৰকাৰী আঁচনিৰ বেনাৰ হৰ্ডিং আদি আঁতৰাই দিয়া হ'ব বুলি উল্লেখ কৰে ধুবুৰী ৰাজহ চক্ৰ বিষয়া মৃগাক্ষী দাসে । উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনৰ ঘোষণা দিন কৰাৰ লগে লগে আৰম্ভ হৈছে 'নিৰ্বাচনী আচৰণ বিধি' ।
লগতে পঢ়ক: বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান