ETV Bharat / state

ধুবুৰীত এ.আই.ইউ.ডি.এফৰ নিৰ্বাচনী প্ৰচাৰ সভা

ধুবুৰীত এ.আই.ইউ.ডি.এফে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি মুছলমানৰ শত্ৰু বুলি আখ্যা কৰে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাক

ধুবুৰীত এ.আই.ইউ.ডি.এফৰ নিৰ্বাচনী প্ৰচাৰ সভা
author img

By

Published : Apr 13, 2019, 10:07 AM IST

ধুবুৰী,13 এপ্ৰিলঃ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ পিছতে নামনি অসমৰ ধুবুৰী লোকসভা সমষ্টিত চলিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । শুক্ৰবাৰে বিলাসীপাৰাত এ.আই.ইউ.ডি.এফে আয়োজন কৰে এখন নিৰ্বাচনী প্ৰচাৰ সভা । সভাত অংশগ্ৰহণ কৰে ধুবুৰীৰ বিধায়ক নজৰুল ইছলাম, দলীয় নেতা আদিত্য লাংথাছাকে আদি কৰি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল । সভাত উপস্থিত হৈ নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাক মুছলমানৰ শত্ৰু আখ্যা দিয়ে ৷ বিজেপি চৰকাৰে মুছলমান লোকসকলক বেয়া পায়, নামাজক -কোৰাণ আৰু মহজিদ বেয়া পায় বুলি মন্তব্য কৰে আজমলে । ইয়াৰোপৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত গোপন মিত্ৰতাৰ থকা কথাও নিজ মুখে স্বীকাৰ কৰে আজমলে ।

ধুবুৰীত এ.আই.ইউ.ডি.এফৰ নিৰ্বাচনী প্ৰচাৰ সভা

আনহাতে, কংগ্ৰেছে জনসাধৰণক বিশ্বাসঘাতকতা কৰি আহিছে বুলি উল্লেখ কৰি তৰুণ গগৈক তীব্ৰভাৱে সমালোচনা কৰে আজমলে ৷ লগতে আবু তাহেৰ বেপাৰীক কংগ্ৰেছ ত্যাগ কৰি ইউ ডি এফ দলত যোগদান কৰিবলৈ আহ্বান জনায় । ইফালে ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়ক নজৰুল ইছলামে মোমাইতকৈ ভাগিন ডাঙৰ নহয় বুলি মন্তব্য কৰি এ.আই.ডি.এফৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ।

Intro:I - প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ পিছতে নামনি অসমৰ ধুবুৰী লোকসভা সমষ্টিত চলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ । কি শাসক, কি বিৰোধী সকলোৱে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে | প্ৰতিপন্ন কৰিব বিচাৰিছে নিজৰ সবল স্থিতি ।
শুক্ৰবাৰে বিয়লিৰ ভাগত তেনে মানসিকতাৰে পশ্চিম বিলাসীপাৰা সমষ্টিৰ চৰাঞ্চলৰ প্ৰানকেন্দ্ৰ নায়েৰ আলগাত হেলিকপ্টাৰ যোগে উপস্থিত হয় বদৰুদ্দিন আজমল | বিলাসীপাৰা জিলা এ আই ইউ ডি এফে আয়োজন কৰা নিৰ্বাচনী জনসভাত প্ৰচাৰ চলাবলৈ ধুবুৰীৰ বিধায়ক নজৰুল ইছলাম, দলীয় নেতা আদিত্য লাংথাছাক লগত লৈ উপস্থিত হয় দলটোৰ মুৰব্বী তথা ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল |Body:ধৰ্মীয় আবেগ অনুভুতি সৃষ্টি কৰি বিগত দহটা বছৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে শুক্ৰবাৰেও একে পৰম্পৰা ৰক্ষা কৰা দেখিবলৈ পোৱা গল |
সভাত উপস্থিত হৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোক সকলক ধৰ্মীয় আবেগ অনুভুতিৰে আকৰ্ষিত কৰিবলৈ নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাক মুছলমানৰ শত্ৰু বুলি আখ্যা কৰে |
বিজেপি চৰকাৰ খনে মুছলমান মানুহক বেয়া পায়, নামাজক বেয়া পায়, কোৰাণক বেয়া, মছজিদ বেয়া পায়, দাড়ি টুপী বেয়া পায় বুলি আবেগিক ভাষন প্ৰদান কৰি পুনৰ সংখ্যা লঘু ভোটাৰ সকলৰ কাষ চাপিব বিচাৰে |
এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজত যে গোপন মিত্ৰতা হৈছিল সেয়া আজমলে নিজ মুখেৰে স্বীকাৰ কৰে | আসন বুজা বুজিৰ ক্ষেত্ৰত কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিছে বুলি আজমলে নিজে স্বীকাৰ কৰি তৰুণ গগৈক তীব্ৰ সমালোচনা কৰে | আৰু ইয়াৰ যোগ্য প্ৰতুত্তোৰ অসমৰ ৰাইজে কংগ্ৰেছক দিব বুলিও মন্তব্য কৰে | লগতে আবু তাহেৰ বেপাৰীক কংগ্ৰেছ ত্যাগ কৰি ইউ ডি এফ দলত যোগদান কৰিবলৈ আহ্বান জনায় |Conclusion:ইফালে ধুবুৰী বিধান সভা সমষ্টিৰ বিধায়ক নজৰুল ইছলামৰ মুখত মোমাই ভাগিনৰ কথাই নহয়, নিজৰ পিতৃক লৈও বিধায়ক গৰাকীয়ে তীৰ্যক মন্তব্য কৰা দেখিবলৈ পোৱা গল |
ইউ ডি এফ দলৰ বিধায়ক নজৰুল ইছলামৰ মোমাই আবু তাহেৰ বেপাৰী ধুবুৰী লোকসভা সমষ্টিটোৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী | নিজৰ মোমাইদেউৰ পৰিবৰ্তে বিধায়ক নজৰুল ইছলাম দলৰ স্বাৰ্থত বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে |শুক্ৰবাৰে অনুষ্ঠিত জন সভাত বিধায়ক নজৰুল ইছলামে নিজৰ ভাষন প্ৰসংগত কয় যে দল তথা দেশৰ উদ্ধত মোমাই নহয় | সেয়ে মই মোমাইক তিলমানো সহায় নকৰো, অকল মোমাইয়ে নহয় এইবাৰৰ নিৰ্বাচনত যদি মোৰ (আব্বা) পিতৃয়েও কংগ্ৰেছ দলৰ পৰা টিকট লৈ নিৰ্বাচনত নামিল হয় তেনেহলে তেঁও মোৰ ৰাজনৈতিক শত্ৰু | তেনে ক্ষেত্ৰত মোৰ পিতৃকো মই কোনো সহায় নকৰিলোহেতেন |
ধৰ্মীয় আবেগ অনুভুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হৈ সমষ্টিটোৰ প্ৰতি পিঠি দি অহা বদৰুদ্দিন আজমলক সমষ্টি বাসীয়ে এই বাৰ কি দৰে আদৰি লব সেয়া অহা ২৩ এপ্ৰিলত স্পষ্ট হৈ পৰিব |
Bite
1(a)(b) আজমল
2 নজৰুল ইছলাম
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ৰিপ'ৰ্ট
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.